অসম

assam

ETV Bharat / state

Creation of post of headmaster in primary schools:প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত মত বিনিময় অনুষ্ঠান - নতুন সাহিত্য পৰিষদ

বিভিন্ন দল সংগঠনৰ অংশগ্ৰহণেৰে মাণিকপুৰত শিক্ষক সমাজৰ মাজত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায় ।

Exchange of views demanding creation of post of headmaster in primary schools
মত বিনিময় অনুষ্ঠান

By

Published : Jul 18, 2023, 5:52 PM IST

মত বিনিময় অনুষ্ঠান

বঙাইগাঁও, 18 জুলাই : বঙাইগাঁও জিলাৰ মাণিকপুৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় । মাণিকপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত শিক্ষক সকলৰ লগতে আছু, বীৰ লাচিত সেনা, গৰিয়া মৰিয়া দেশী পৰিষদ, জ্যেষ্ঠ নাগৰিক সন্থা, নতুন সাহিত্য পৰিষদকে আদি কৰি ভালে সংখ্যক সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে ১৯৭৫ চনত প্ৰাথমিক বিদ্যালয়সমূহ চৰকাৰীভাৱে প্ৰাদেশীকৰণ হয় যদিও তেতিয়াৰ পৰাই প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ নোহোৱাকৈ বিদ্যালয়সমূহ পৰিচালনা হৈ আহিছে । প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিবলৈ অসম প্ৰাথমিক শিক্ষক সন্মিলনীয়ে বাৰে বাৰে দাবী জনাই আহিছে যদিও আজিলৈকে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা নাই চৰকাৰে ।

১৯৭৫ চনৰ পৰা আজিলৈকে ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগত চৰকাৰে ৪০ বাৰকৈ আলোচনাত বহি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়েই থাকিল ৷ আজিলৈকে সেই প্ৰতিশ্ৰুতি পূৰণ নকৰিলে চৰকাৰে । মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, শিক্ষা বিভাগৰ লগত মুঠ ৪০ বাৰ বৈঠক অনুষ্ঠিত কৰিও সুফল নাপালে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে । উপায়হীন হৈ শিক্ষকসকলে অসহযোগ আন্দোলন আৰম্ভ কৰিছে । সেই মৰ্মে মঙলবাৰে মাণিকপুৰ বৰিপাৰা প্ৰাথমিক বিদ্যালয়ত বিভিন্ন দল সংগঠনৰ লগত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰে । বিভিন্ন দল সংগঠনৰ লগত মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰাৰ বাবে অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয় ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ।

লগতে পঢ়ক :Primary Teachers Grievances: শিক্ষামন্ত্ৰীক উভতি ধৰিলে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদকে

ABOUT THE AUTHOR

...view details