অসম

assam

By

Published : Jul 11, 2020, 8:03 PM IST

ETV Bharat / state

মানাহ নদীৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ

বঙাইগাঁৱত মুলবাৰীত মানাহ নদীৰ গৰাখহনীয়াৰ তাণ্ডৱ। নদীত জাহ গল কেইবাটাও পৰিয়ালৰ বাসগৃহ।

erisson-at-bongaigaon-manah-river
মানাহ নদীৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ

উত্তৰ অভয়াপুৰী,11জুলাইঃ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বালাৰচৰ মুলবাৰীত মানাহ নদীৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে। দুটা দিনৰ ভিতৰতে মুলবাৰীৰ ৰশিদ আলী,হানিফ আলী,আবুল কাশেম আদি কৰি কেইবাটাও পৰিয়ালৰ বাসগৃহ নদীৰ বুকুত জাহ গৈছে। মানাহ নদীৰ তীব্ৰ সোঁতে উটুৱাই নিলে বিদ্যুৎৰ খুটা,পানীত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি । গাঁওখনৰ মাজেৰে যোৱা একমাত্ৰ মথাউৰিটোলৈ ভাবুকি আহি পৰিছে।

মানাহ নদীৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ ধাৰণ

ইপিনে বানপানীৰ ফলত বালাৰচৰ এম ই স্কুল, প্ৰি ছিনিয়ৰ মাদ্ৰাছা,বজাৰ,মছজিদ আদি অনুষ্ঠান প্ৰতিষ্ঠানলৈ অশনি সংকট নামি আহিছে। এই ক্ষেত্ৰত স্থানীয় বিধায়ক আব্দুল হাই নাগৰিয়ে পিঠি দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। আনহাতে বঙাইগাঁও জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে।

লগতে পঢ়কঃ কৰ'ণাৰ নামত চৰকাৰে ল'ৰা-ধেমালি কৰিছেঃ ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details