অভয়াপুৰী, 1 জুলাই :ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী (ASSAM POLICE)ৰ অভিযান ৷ শেহতীয়াভাৱে চৰকাৰখনে শাসনভাৰ লোৱাৰ পাচত ব্যাপক ৰদবদল কৰিছিল প্ৰশাসনিক বিভাগত ৷ তেতিয়াৰে পৰা ৰাজ্যৰ জিলাসমূহত অপৰাধ তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰা দেখা গৈছে জিলা আৰক্ষী তথা প্ৰশাসনক ৷ আন আন জিলাসমূহৰ দৰে অভয়াপুৰীতো তীব্ৰতৰ হৈ পৰিছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷
বুধবাৰে নিশা গোপন সূত্ৰৰ পম খেদি অভয়াপুৰীৰ নয়া গাঁৱত যোগীঘোপা আৰক্ষীয়ে আটক কৰে অমৃত পাল নামৰ এজন লোকক । অমৃত পাল নামৰ লোকজন অভয়াপুৰীৰ পাল ড্ৰাগছ ডিষ্ট্ৰিবিউটৰ(DRUGS distribute)ৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে । সমগ্ৰ ৰাজ্যজুৰি অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰতৰ হৈ পৰিছে আৰক্ষীৰ অভিযান ৷ দীৰ্ঘদিনৰ পৰা ৰাজ্যত নিচাজাতীয় টেবলেটৰ ব্যৱসায়ে যুৱ প্ৰজন্মক প্ৰভাৱিত কৰি অহাৰ সময়ত এতিয়া দৈনিক ৰঙাঘৰৰ আলহী হৈছে বহু ড্ৰাগছ ব্যৱসায়ী ।
যোগীঘোপা আৰক্ষীয়ে AS-19H-2685 নম্বৰৰ এখন গ্লেমাৰ বাইকৰ সৈতে অমৃত পাল নামৰ এজন লোকৰ পৰা বুধবাৰে নিশা 1008 টা SPANO CROXYWON PLUS নামৰ নিচাজাতীয় টেবলেট আৰু 8,070 টকাৰ এটা ম’বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ।