অভয়াপুৰী,12 আগষ্ট:শাওন মাহ মানেই কৃষকৰ সকলৰ এক অতি ব্যস্ততাপূৰ্ণ মাহ ৷ এই মাহতেই অতি আনন্দ উল্লাসেৰে পথাৰত ভূই ৰোৱাত ব্যস্ত হৈ পৰে প্ৰতিজন কৃষক ৷ আন জিলা সমূহৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ কোকিলা,নাম্বাৰপাৰা,শৌলমাৰীত অতি হেঁপাহেৰে ৰুইছিল ভূই ৷ কিন্তু খৰাং বতৰৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষক সকলে ৷ দীৰ্ঘদিন ধৰি অঞ্চলটোত বৰষুন নোহোৱাত ধননি পথাৰত মেলিছে চিৰাল ফাঁট ৷
অতি লক্ষ্যণীয়ভাৱে বৰষুণৰ অভাৱত চিৰাল ফাঁট মেলা পথাৰত কৃত্ৰিম পদ্ধতিৰে পানী দিয়াৰ বাবেও নাই কোনো পৰ্যাপ্ত ব্যৱস্থা ৷ নাই চৰকাৰী জলসিঞ্চন বিভাগৰ সুবিধা ৷ ইফালে পেট্ৰ’ল-ডিজেল আদি ইন্ধনজাত সামগ্ৰীৰে চালিত মেছিন চলাই পথাৰত পানী যোগান ধৰিবলৈও আৰ্থিকভাৱে টনকীয়াল নহয় অঞ্চলটোৰ কৃষক সকল ৷ যাৰ বাবে উপায়ন্তৰ হৈ মূৰে-কপালে হাতদিবলগীয়া অৱস্থা হৈছে কৃষক সকলৰ ৷
লগতে পঢ়ক :সঞ্জয় কিষাণক মন্ত্ৰীত্বৰ পৰা বহিস্কাৰৰ দাবী অসম জাতীয় পৰিষদৰ
মন কৰিবলগীয়া যে, শেহতীয়াকৈ ৰাজ্যত দেখা দিয়া খৰাং পৰিস্থিতিয়ে উদঙাইছে চৰকাৰী নেতা-আমোলাৰ মুখত আখৈ ফুটাদি ফুটা কৃষি বিভাগৰ আমূল পৰিবৰ্তনৰ প্ৰকৃত ছবিখন ৷ ৰাজ্যৰ ব্যাগোম কৃষি বিভাগটোত এতিয়া যেন কেৱল অৰাজকতা আৰু অৰাজকতা ৷