ধুবুৰী, 26 জুলাই: বান সাহাৰ্যৰ নামত চোৰাং কাৰবাৰ দক্ষিণ শালমাৰাত৷ ৰাইজে উদ্ধাৰ কৰিলে বৃহৎ পৰিমাণৰ পশুখাদ্য৷ ৰাজ্যত বিধ্বংসী বানত সৰ্বস্বান্ত হ'ল হাজাৰ হাজাৰ লোক৷ ঘৰ-বাৰী হোৰুওৱাই বিভিন্ন আশ্ৰয় শিবিৰত পশুধনৰ লগত একেলগে দিন কটাবলগীয়া হৈছে দুৰ্ভগীয়া লোকসকলে৷
বানে জুৰুলা কৰা ৰাইজক এতিয়া চৰকাৰৰ ফালৰ পৰা যোগান ধৰা হৈছে খাদ্য সামগ্ৰী, ঔষধৰ লগতে পশু খাদ্য৷ কিন্তু দুখৰ বিষয় যে এই দুৰ্যোগৰ সময়খিনিতো পশু খাদ্য যোগানৰ নামত একাংশ লোকে আৰম্ভ কৰিছে এক লাভজনক ব্যৱসায়৷ পশুখাদ্যৰ নামত চোৰাং বেহা কৰা পৰিলক্ষিত হৈছে দক্ষিণ শালমৰাত৷ দক্ষিণ শালমাৰাৰ ৰাইজৰ অভিযোগ অনুসৰি এক বৃহৎ পৰিমাণৰ পশুখাদ্য জব্দ হয় অসম মেঘালয় সীমান্তৱৰ্তী পানকাটা গাঁও পঞ্চায়তৰ টেপৰ পাৰাৰ আব্দুল হক নামৰ এজন লোকৰ ঘৰত৷ কোনে, কেতিয়া, ক'ত, কেনেকৈ সেই পশুখাদ্য আব্দুলৰ ঘৰত ৰাখিলে সেই বিষয়ে জ্ঞাত নহয় কোনো লোক৷ স্থানীয় ৰাইজৰ লগতে আমছু কৰ্মীসকলে আব্দুলৰ ঘৰত প্ৰত্যক্ষ কৰে এই পশুখাদ্য সমূহ৷