বঙাইগাঁও, ২ জানুৱাৰী :বঙাইগাও জিলাৰ নাককাটি পাহাৰত ডি এফ অ'ই বিগত বৰ্ষৰ ৩১ ডিচেম্বৰৰ সন্ধিয়া অভিযান চলাই এজন যুৱকক প্ৰহাৰ কৰি আহত কৰাক লৈ জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । নাককাটি পাহাৰত ডি এফ অ'ই অভিযান চলোৱাৰ সময়ত উপেন নাথ নামৰ যুৱক এজনৰ ওপৰত পাশৱিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ডি এফ অ'ৰ নেতৃত্বত যোৱা বনৰক্ষী দলটোৱে উপেন নাথৰ লগতে আন কেইবাজনো যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।
এই পাহাৰখনৰ মধ্যস্থলত আছিল এটা চাংঘৰ । এই চাংঘৰটো পৰিচালনা কৰি আছিল উপেন নাথে । এই প্ৰসংগত উপেন নাথে উল্লেখ কৰা মতে জিলা প্ৰশাসনৰ 'প্ৰজেক্ট যাযাবৰ'ৰ অধীনত চলিছিল চাংঘৰটো । এই চাংঘৰটোত নাককাটিৰ শৃংগ দৰ্শন কৰিব যোৱা পৰ্যটকক যোগান ধৰা হৈছিল চাহ, পানী, লঘু খাদ্য আদি । লগতে পৰ্যটকে চাংঘৰত লৈছিল জিৰণি । কিন্তু যোৱা ৩১ ডিচেম্বৰৰ সন্ধিয়া জিলা বন বিষয়াগৰাকীয়ে সদল-বলে উপস্থিত হয় চাংঘৰটোত ।