বঙাইগাঁও, 29 নৱেম্বৰ :পশ্চিম অসমৰ ৯ খন জিলাত দেশী জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ দাবী জনাইছে জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক মাইনুদ্দিনে । মাণিকপুৰৰ বাশবাৰীত দেশী জনগোষ্ঠীৰ বঙাইগাঁও জিলা অধিবেশনত অংশলৈ এই দাবী জনাই প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে, বঙাইগাঁও জিলা দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ প্ৰতিনিধি সভা আৰু দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চ অসমৰ অভিৱৰ্তন (Desi Janagustio Mancho delegation meeting)খন সোমবাৰে অনুষ্ঠিত হয় ।
অধিবেশনত জলেশ্বৰৰ প্ৰাক্তন বিধায়ক মাইনুদ্দিনে দেশীয় জনগোষ্ঠীক খিলঞ্জীয়া আখ্যা দিয়া, এন আৰ চিৰ পৰা বাদ পৰাসকলক অন্তৰ্ভুক্ত কৰা, সমষ্টি ৰিজাৰ্ভ কৰা, লোকগণনা আদিৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টি বিধায়ক আব্দুল বাতেন খন্দকাৰ উপস্থিত থাকে । উক্ত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ উপ সভাপতি মজমুল হক যোদ্ধাই সভাপতিত্ব কৰা সভাখনত বঙাইগাঁও জিলাৰ পুৰণা কমিটিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয় । অধিবেশনত নৱ নিৰ্বাচিত সমিতিখনৰ সভাপতি হিচাপে সমছেদ তব্ৰিজ ফকিৰ আৰু সম্পাদক হিচাপে মনোৱাৰ হুছেইনক নিৰ্বাচিত কৰা হয় ।