অসম

assam

ETV Bharat / state

গৰিয়া-মৰিয়াসকলক জনগোষ্ঠীয় মৰ্যাদা প্ৰদানৰ দাবী - assam cabinet in bongaigaon

খিলঞ্জীয়া গৰিয়া-মৰিয়া মুছলমানসকলৰ সমস্যাসমূহৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ৷ 24 নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ পূৰ্বে সংগঠনটোৱে ৰূপায়ণ কৰিলে বিশেষ সজাগতা অনুষ্ঠান ৷

demand-for-community-status-for-garia-maria
গৰিয়া-মৰিয়াসকলক জনগোষ্ঠীয় মৰ্যাদা প্ৰদানৰ দাবী

By

Published : Nov 23, 2021, 10:43 PM IST

বঙাইগাঁও, 23 নৱেম্বৰ: প্ৰথমবাৰৰ বাবে অসমৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠক(Ministers Cabinet Meeting) দিশপুৰৰ পৰিৱৰ্তে ধেমাজিত অনুষ্ঠিত হোৱাৰ পিছত 24 নৱেম্বৰত দ্বিতীয়খন বৈঠক অনুষ্ঠিত হ'ব বঙাইগাঁৱত ৷ কেবিনেট বৈঠকখনৰ পূৰ্বে খিলঞ্জীয়া গৰিয়া মৰিয়া (Indigenous Garia Maria)মুছলমানসকলৰ সমস্যাসমূহৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷

সোমবাৰে বঙাইগাৱঁৰ জাৰাগুৰিত সংগঠনটোৱে এই সন্দৰ্ভত এক সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে ৷ গৰিয়া মৰিয়াসকলৰ বাবে লোকপিয়ল, বিটিআৰ (Bodoland Territorial Region)ত সুকীয়া জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান তথা গৰিয়া-মৰিয়া মুছলমানসকলৰ অস্তিত্ব সুৰক্ষাৰ দাবী জনায় সংগঠনটোৰ নেতা-কৰ্মীসকলে ৷

গৰিয়া-মৰিয়াসকলক জনগোষ্ঠীয় মৰ্যাদা প্ৰদানৰ দাবী

তেওঁলোকক খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত জিলাখনত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকখনত উপস্থিত থকা সকলো বিভাগৰ মন্ত্ৰী আৰু বিধায়কৰ দৃষ্টিগোচৰ কৰাৰ বাবেও জাৰাগুৰিত এক অভিনৱ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷

লগতে পঢ়ক:খিলঞ্জীয়া জনগোষ্ঠীৰে মত বিনিময় বিধানসভাৰ অধ্যক্ষৰ

ABOUT THE AUTHOR

...view details