বঙাইগাঁও, 24মে': বঙাইগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত গৰাইমাৰীত সংঘটিত হোৱা মৰেল পুলিচগিৰীৰ ঘটনাৰ অভিযোগত অভিযুক্ত হোৱা তিনিজনত মঙলবাৰে আটক কৰে আৰক্ষীয়ে ৷ ঘটনাৰ সৈতে জড়িত আন বহু কেইজন বৰ্তমানেও পলাতক ৷
উল্লেখ্য যে, বিগত 21মে'ত বঙাইগাঁও জিলাৰ সদৰ থানাৰ অন্তৰ্গত গৰাইমাৰীত সংঘটিত হৈছিল মৰেল পুলিচগিৰীৰ এক ঘটনা। দিন দুপৰতে চোৰৰ সন্দেহত হাত ভৰি বান্ধি, অৰ্ধ নগ্ন কৰি প্ৰায় ১০ জন লোক জপিয়াই পৰিছিল আবেদ আলী নামৰ এজন যুৱক জনৰ ওপৰত। ভানু দাস নামৰ শিক্ষকজনৰ নেতৃত্বত এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছিল ৷
ইপিনে, মুমূৰ্ষু অৱস্থাত যুৱকজনক আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও যুৱকজনৰ অৱস্থা বৰ্তমানেও সংকটজনক বুলি জানিব পৰা গৈছে। ইতিমধ্যে যুৱকজনৰ পৰিয়ালৰ লোকে মৰেল পুলিচ ৰূপী ভানু দাস, বিজয়, বিপ্লৱ শৰ্মা, ৰূপম দাস, সুব্ৰত দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ৷