অসম

assam

By

Published : Nov 20, 2021, 11:55 AM IST

ETV Bharat / state

বঙাইগাঁৱত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্মবাৰ্ষিকী উদযাপন

বঙাইগাওঁত শুকুৰবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক জন্মজয়ন্তীত স্মৰণ কৰা হয় ৷ লগতে প্ৰাক্তন মন্ত্ৰী চন্দন কুমাৰ সৰকাৰৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷

distrution of commodities and fruits
সামগ্ৰী বিতৰণ

বঙাইগাওঁ, 20 নৱেম্বৰ :শুকুৰবাৰে বঙাইগাওঁ জিলাত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন ইন্দিৰা গান্ধীৰ 104 তম জন্ম জয়ন্তী তথা প্ৰয়াত প্ৰাক্তন মন্ত্ৰী চন্দন কুমাৰ সৰকাৰৰ তৃতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ বঙাইগাঁও জিলাৰ টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত অভয়াপুৰীস্থিত ৰাজীৱ ভৱনত এই অনুষ্ঠানটো অনুষ্ঠিত হৈ যায় ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অনুষ্ঠানত ভাৰতৰত্ন ইন্দিৰা গান্ধী আৰু প্ৰয়াত ‌প্ৰাক্তন মন্ত্ৰী চন্দন কুমাৰ সৰকাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয় ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা যুৱ কংগ্ৰেছ আৰু অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত অভয়াপুৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ৰোগী সকলৰ মাজত আৰু আশ্ৰমত থকা বয়োজ্যেষ্ঠ সকলৰ‌ মাজত ফল-মূল বিতৰণ কৰা হয় ৷

শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ইয়াৰ উপৰিও‌ অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰৰ বাসগৃহত দৰিদ্ৰ আৰু অসহায় লোকৰ মাজত বস্ত্ৰ বিতৰণ কৰা হয় ৷ উক্ত অনুষ্ঠানত অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰ, বিধায়ক গৰাকীৰ সহধৰ্মিনী অনামিকা সৰকাৰ, টাপাট্টাৰী ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি কেৰামত আলী, বঙাইগাঁও জিলা কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি আবুল কাছেম, বঙাইগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি মকিবুল ইছলাম, বঙাইগাঁও জিলা NSUI ৰ প্ৰাক্তন সভাপতি ছফিকুল ইছলামৰ লগতে আন‌ আন কৰ্মকৰ্তা সকল উপস্থিত থাকে ৷

সামগ্ৰী বিতৰণ

লগতে চাওক :ধুবুৰীত জলপথেৰে সৰৱৰাহ চোৰাং চাউল

ABOUT THE AUTHOR

...view details