বঙাইগাঁও,8 মে’: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মানাহ নদীৰ দলঙৰ তলত উদ্ধাৰ এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ ৷ মৃতদেহটো এডাল বগৰী গছত ওলমি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এজন লোকে ৷ লোকজনে ততাতৈয়াকৈ আৰক্ষী আৰু অঞ্চলবাসীক এই বিষয়ে অৱগত কৰে ৷
মাণিকপুৰত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ - murder case
মানাহ নদীৰ দলঙৰ তলত উদ্ধাৰ এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ ৷ অচিনাক্ত দুৰ্বৃত্তই লোকজনক হত্যা কৰাৰ সন্দেহ আৰক্ষী তথা স্থানীয় ৰাইজৰ ৷

মানিকপুৰত উদ্ধাৰ অচিনাক্ত লোকৰ মৃতদেহ
মাণিকপুৰত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ
পৰৱৰ্তী সময়ত ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে ৷ আৰক্ষী তথা স্থানীয় ৰাইজে কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহটো গছত বান্ধি থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷