বঙাইগাঁও, 24 জুন:বঙাইগাঁৱত এটি মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । উদ্ধাৰ হোৱা মৃতদেহটো অমিত ঘোষ নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে(Dead body Recovered in Bongaigaon) ৷
জানিব পৰা মতে, বঙাইগাওঁ চহৰৰ ১৪ নং ৱাৰ্ডৰ বাসিন্দা আছিল অমিত ঘোষ । বুধবাৰে সন্ধিয়াৰ ভাগৰ পৰাই নিৰুদ্দিষ্ট হৈ আছিল অমিত ঘোষ নামৰ যুৱকজন ৷ অৱশেষত বঙাইগাঁও জিলাৰ বঙাইগাঁও কলেজৰ সমিপৰ বিসৰ্জ্জন ঘাটত পানীত উপঙি থকা অৱস্থাত অমিত ঘোষৰ মৃতদেহটি উদ্ধাৰ কৰা হয় ।