অসম

assam

ETV Bharat / state

প্ৰহসনত পৰিণত অভয়াপুৰীৰ জলসিঞ্চন বিভাগৰ কোটি টকীয়া আঁচনি - কৃষি বিভাগ

প্ৰহসনত পৰিণত হৈছে মেৰেৰচৰ আৰু ডুবাচুৰি গাঁৱৰ জলসিঞ্চন বিভাগৰ কোটি টকীয়া আঁচনি ৷ নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ

প্ৰহসনত পৰিণত অভয়াপুৰীৰ জলসিঞ্চন বিভাগৰ কৌটি টকীয়া আঁচনি
প্ৰহসনত পৰিণত অভয়াপুৰীৰ জলসিঞ্চন বিভাগৰ কৌটি টকীয়া আঁচনি

By

Published : May 28, 2021, 8:38 AM IST

মাণিকপুৰ,28 মে’: বগা হাতীত পৰিণত বঙাইগাঁও জিলাৰ অভয়াপুৰী মেৰেৰচৰ আৰু ডুবাচুৰি গাঁৱৰ জলসিঞ্চন বিভাগৰ কোটি টকীয়া আঁচনি ৷ কোটি টকা খৰচ কৰি প্ৰায় 25 বছৰৰ আগতেই অসম চৰকাৰৰ কৃষি আৰু জনসিঞ্চন বিভাগে গাঁও দুখনত পানী যোগানৰ ব্যৱস্থা কৰিছিল । প্ৰায় 4-5 বছৰহে কাৰ্যক্ষম হৈ থাকিল এই আঁচনি ৷ তাৰ পাচৰ পৰাই কোটি টকীয়া আঁচনি বিকল লৈ পৰি ৰৈছে ৷ বৰ্তমানেও আঁচনিখন কাৰ্যক্ষম কৰিব নোৱাৰিলে চৰকাৰে ৷ এই অভিযোগ উত্থাপন কৰিছে গাঁও দুখনৰ গঞা ৰাইজে ৷

প্ৰহসনত পৰিণত অভয়াপুৰীৰ জলসিঞ্চন বিভাগৰ কৌটি টকীয়া আঁচনি

কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা এই আচঁনিৰ যন্ত্ৰ-পাতি সমূহ বহু বছৰৰ পৰাই বিকল হৈ আছে ৷ আনকি যন্ত্ৰপাতি ৰখা ঘৰসমূহো জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে ৷ কিন্তু এই লৈ কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এফালে খৰাং বতৰ, নাই পথাৰত পানী ৷ খেতিয়কে শিচিব পৰা নাই শালি ধানৰ কঠিয়া ৷ যাৰ ফলত কৃষকসকল চৰম লোকচানৰ সন্মুখীন হ'ব লগাত পৰিছে ৷

উল্লেখ্য যে, বিগত 25 বছৰে পৰিত্যক্ত হৈ থকা জলসিঞ্চন বিভাগৰ কোটি টকীয়া আঁচনি কাৰ্যক্ষম কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে মেৰেৰচৰ আৰু ডুবাচুৰি গাঁৱৰ খেতিয়কসকলে ৷ জলসিঞ্চন বিভাগৰ এই আঁচনি কাৰ্যকৰী হ’লে মেৰেৰচৰ আৰু ডুবাচুৰি গাঁৱৰ কৃষক সকল বহু পৰিমাণে উপকৃত হ’ব বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক:চাকৰিত নিযুক্তিৰ দাবী: চি-টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details