অসম

assam

ETV Bharat / state

অভয়াপুৰীত দৈনিক পাইকাৰী বজাৰ মুকলি - অভয়াপুৰী পৌৰ সভা

মঙলবাৰে অভয়াপুৰবাসীৰ সুবিধাৰ্থে বঙাইগাঁও জিলাৰ অভয়াপুৰীত এখন দৈনিক পাইকাৰী বজাৰ মুকলি কৰা হয় (Daily wholesale market opening in Abhayapuri)৷ এই বজাৰখনৰ বিশেষত্ব হৈছে স্থানীয় কৃষকসকলৰ উৎপাদিত বিভিন্ন সামগ্ৰী এই বজাৰখনত উপলব্ধ কৰোৱা হ’ব ৷

Abhayapuri Market opening
অভয়াপুৰীত দৈনিক পাইকাৰী বজাৰ মুকলি

By

Published : Aug 16, 2022, 10:27 PM IST

অভয়াপুৰী, 16 আগষ্ট: অভয়াপুৰীবাসীৰ বাবে সুখবৰ ৷ স্থানীয় লোকসকলৰ সুবিধাৰ্থে মঙলবাৰে বঙাইগাঁৱৰ অভয়াপুৰীত এখন দৈনিক পাইকাৰী বজাৰ মুকলি কৰা হয় ৷ অভয়াপুৰীৰ গৰু বজাৰৰ সমীপত মুকলি কৰা হয় এই পাইকাৰী বজাৰখন (Daily wholesale market opening) ৷

এই বজাৰত উপলব্ধ হ'ব স্থানীয় কৃষকৰ উৎপাদিত শাক-পাচলিৰ লগতে আন বহু অত্যাৱশ্যকীয় সামগ্ৰী ৷ এই নতুন বজাৰখনৰ নাম দিয়া হৈছে অভয়াপুৰী দৈনিক পাইকাৰী বজাৰ । বজাৰখনে স্থানীয় কৃষক ৰাইজৰ বাবে অধিক সহায়ক হ’ব বুলি আশা কৰিছে বজাৰ কৰ্তৃপক্ষই ৷ ইয়াৰ উপৰিও গ্ৰাম্য অৰ্থনীতি কিছু পৰিমাণে হ’লেও আগবঢ়াই নিয়াত এই বজাৰখনে সহায় কৰিব বুলি আশাবাদী স্থানীয় ৰাইজ ৷

অভয়াপুৰীত দৈনিক পাইকাৰী বজাৰ মুকলি

এই বজাৰখনৰ বিশেষত্ব হৈছে স্থানীয় কৃষক সকলৰ উৎপাদিত বিভিন্ন সামগ্ৰী এই বজাৰত উপলব্ধ হ’ব ৷ নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে এখন নিৰ্দিষ্ট বজাৰ লাভ কৰি যথেষ্ট উৎফুল্লিত হৈছে অভয়াপুৰীৰ লগতে দাঁতি কাষৰীয়া অঞ্চলৰ লোকসকলো ৷

অভয়াপুৰী দৈনিক পাইকাৰী বজাৰখন আনুষ্ঠানিকভাবে মুকলি কৰে অভয়াপুৰী পৌৰ সভাৰ‌ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ বনিক্যই । মুকলি অনুষ্ঠানত অভয়াপুৰী পৌৰ সভাৰ‌ সভাপতি ৰমেন্দ্ৰ নাৰায়ণ বনিক্য, বঙাইগাঁও জিলা বিজেপিৰ উপ-সভাপতি কৌস্তভ দাস, অভয়াপুৰী পৌৰ সভাৰ‌ উপ সভাপতি জুনমনি পাঠক ৰাভা, অভয়াপুৰী বিজেপি টাউন মণ্ডলৰ সভাপতি মৃদুল পাঠক, অবিচি মৰ্চাৰ ৰাজ্যিক সদস্য ৰাতুল চন্দ্ৰ ৰায়ৰ লগতে স্থানীয় ৰাইজ আৰু ব্যৱসায়ী সকল উপস্থিত থাকে ৷

লগতে পঢ়ক:গুৱাহাটীত ৰাজ্যৰ আইটিআইসমূহৰ উদ্ভাৱনী প্ৰকল্প পৰিদৰ্শন মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

ABOUT THE AUTHOR

...view details