মেষৰাশি: আজিৰ দিনটো সহজভাৱে লওঁক । আপুনি আজি অত্যধিক সংবেদনশীল আৰু অত্যধিক আৱেগিক হৈ থাকিব পাৰে, সেয়ে সহজতে কাৰো কথাত বেয়া পাই যাব পাৰে । আনৰ মনোভাৱে আপোনাৰ গৰ্বক ক্ষুণ্ণ কৰিব পাৰে । আপোনাৰ মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ’ব । পঢ়ুৱৈ আৰু পণ্ডিতসকলৰ বাবে দিনটো ভালে নাযাব । সম্পত্তি সম্বন্ধীয় কোনো পৰিকল্পনা হাতত নল’ব ৷ বান্ধৱী আৰু নদী-পুখুৰীৰ পৰা আজি দূৰত থাকক । হতাশা আৰু বিষণ্ণতাক এৰাই চলিব নোৱাৰিব ।
বৃষৰাশি: আপোনাৰ উৎসাহ আৰু উদ্যমে আপুনি নিজৰ সমস্যা আৰু দুশ্চিন্তাক দূৰ কৰি দিব । আজি আপুনি শক্তি আৰু উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব । অৱশ্যে আপুনি আজি অত্যধিক সংবেদনশীল আৰু অধিক আৱেগিক হৈ থাকিব । সৃজনশীলতাৰ তৰংগত সাঁতুৰি আপুনি আজি কোনো প্ৰৱন্ধ, ৰচনা বা কোনো এটা গল্পও হয়তো লিখিব পাৰে । কোনোবাই দুখত থাকিলে তেওঁক সান্ত্বনা হয়তো দিব আপুনি, ইয়াৰ প্ৰবল সম্ভাৱনা আছে । আজি আপুনি জুতি লগা আৰু ৰুচিকৰ খাদ্য ভোজন কৰিব । পৰিয়ালৰ লোকৰ সৈতে, বিশেষকৈ মাতৃৰ সৈতে কথা পাতিলে বহুত ভাল লাগিব । সুখৰ ভ্ৰমণৰ যোগ আছে । পৰিয়ালক কিছু সময় দিয়ক, তেওঁলোকৰ প্ৰতি মনোযোগী হওঁক । আৰ্থিক বিষয়তো মনোযোগ দিয়ক ।
মিথুনৰাশি: আজিৰ দিনটো ভাল-বেয়াৰক মাজেৰে পাৰ হ’ব । আপুনি এতিয়া যদি দুৰ্বলতা আৰু হতাশা অনুভৱ কৰে, তাৰ পিছ মুহূৰ্ততে সজীৱতা আৰু উদ্দীপনা অনুভৱো কৰিব । আজিৰ দিনটো পৰিকল্পনা অনুসৰি পাৰ হৈ যাব । আৰ্থিক পৰিকল্পনা আৰু কাৰ্যসূচী ৰৈ যাব পাৰে, কিন্তু সেয়া নিমজকৈ পিছলৈ আগবাঢ়ি যাব । বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে সময় কটাব পাৰে । ব্যৱসায়ী আৰু চাকৰিয়ালসকলে কাম কৰি ভাল পাব । অংশীদাৰ আৰু সহকৰ্মীসকলৰ পৰা সহায়তা আৰু সঁহাৰি পাব । ঘৰত সময় কটালে সুখ আৰু শান্তি পাব ।
ককৰ্ট ৰাশি: আজি আপুনি দিনটো হাঁহি-ফূৰ্তিৰে কটাব, আনন্দ আৰু সুযোগ-সুবিধা পাব । আজি গোটেই দিনটো আপুনি প্ৰাণৱন্ত আৰু উদ্দীপ্ত হৈ থাকিব । পৰিয়াল, বন্ধু আৰু শুভাকাংক্ষীসকলৰ সৈতে আনন্দদায়ক মেল হ’ব । উপহাৰ পোৱাৰ যোগ আছে । আনন্দপূৰ্ণ বনভোজনৰ সম্ভাৱনা আছে । আজি আপুনি কিছু সুসংবাদ, বিশেষকৈ পত্নীৰ পৰা সুসংবাদ পাব পাৰে । দাম্পত্য সুখ থাকিব । আপুনি বিশেষকৈ যত্নশীল আৰু সংবেদনশীল হৈ থাকিব ।
সিংহৰাশি: আজি আপুনি অত্যধিক সংবেদনশীল হৈ থাকিব আৰু আপোনাৰ বিৰক্তি লাগি থাকিব । স্বাস্থ্যৰ কাৰণে আপুনি চিন্তাত থাকিব, এয়া আপোনাক স্বাচ্ছন্দ্যত থাকিবলৈ নিদিব । মানসিক চাপ আৰু উদ্বেগে আপোনাক অসুস্থ কৰি দিব । আনৰ হৈ ওকালতি নকৰিব বা আনৰ হৈ কোনো কথা নক’ব । মামলা-মোকৰ্দমাৰ ক্ষেত্ৰত সতৰ্ক থাকক । বৈদেশিক যোগাযোগৰ সম্ভাৱনা আছে । দিনটো উচ্ছৃংখলভাৱে কটাই নিদিব । মহিলাসকলৰ পৰা দূৰত থাকক । অধিক ব্যয়ক এৰাই চলিব নোৱাৰিব । মনত কোনো বেয়া ভাৱ নাৰাখিব আৰু ভুল বুজাবুজিৰ চিকাৰ নহ’ব ।
কন্যাৰাশি: আজি আপুনি লাভবান হ’ব । সকলো দিশত আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি পাব । বান্ধৱীসকলে আপোনাৰ প্ৰতি উদাৰতা আৰু মহানুভৱতা প্ৰকাশ কৰিব । ব্যৱসায় বৃদ্ধিৰ সম্ভাৱনা আছে । নদী বা সাগৰৰ পাৰত গৈ আনন্দ-ফূৰ্তি কৰিব হয়তো । সন্তানৰ ফালৰ পৰা মন ভাল কৰি দিব পৰা খবৰ পাব । দাম্পত্য সুখ লাভ কৰিব । অফিচৰ কামত বাহিৰত যাবলগীয়া হ’ব পাৰে । পৰিয়ালৰ সৈতে সময় কটাই ইজনে সিজনৰ সৈতে ভাৱনাৰ আদান প্ৰদান কৰিব, ইজনে সিজনৰ অৱস্থা আৰু পৰিস্থিতিক লৈ চিন্তা কৰিব ।