বঙাইগাঁও/চামগুৰি, 21 অক্টোবৰ :দেশ তথা ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ মূল্যবৃদ্ধি ৰোধৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহস্পতিবাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ ৷ সকলোৰে এটাই মাথো দাবী, ৰোধ কৰক মূল্যবৃদ্ধি ৷
অত্যাৱশ্যকীয় সামগ্ৰী পে’ট্ৰল, ডিজেল, ৰন্ধন গেছ আদিৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে ব্যৱসায়িক চহৰ বঙাইগাঁৱত কংগ্ৰেছ আৰু চিপিআই(এম) দলে পৃথকে পৃথকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ কংগ্ৰেছ দলে বঙাইগাঁও জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ বিপৰীতে বামপন্থী দল চিপিআই(এম) দলে বঙাইগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷