মাণিকপুৰ, 19 জুলাই : প্ৰায় প্ৰতিদিনে চৰকাৰে বিভিন্ন সভাই সমিতিয়ে অথবা সংবাদ মাধ্যমৰ আগত ক’ভিডৰ বিৰুদ্ধে চলি থকা যুদ্ধ খনত নিজৰ সফলতাৰ কথা উল্লেখ কৰে ৷ বাতৰি, সভা সমিতি অথবা চৰকাৰী বিজ্ঞাপন দেখি হয়তো বহুতেই একে মুখে প্ৰশংসাও কৰে শাসনাধিস্থিত বিজেপি চৰকাৰখনক ৷ ক’ভিড মেনেজমেন্টৰ ক্ষেত্ৰত তদানীন্তন স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা দেখিয়েই ‘কা’ আন্দোলনৰ পিছতো দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সুবিধা দিলে বুলি সততে আলোচিত হয় ৷
কিন্তু, এনে সময়তে পোহৰলৈ আহিছে ৰাজ্যত ক’ভিড মেনেজমেন্টৰ এখন ভয়াৱহ ছবি ৷ বিভিন্ন ক’ভিড কেয়াৰ কেন্দ্ৰ অথবা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা আক্ৰান্ত লোক সকলে কিমান জটিল পৰিস্থিতিত চিকিৎসা গ্ৰহণ কৰি আছে সেই তথ্য সম্প্ৰতি পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ, এগৰাকী ক’ভিড আক্ৰান্ত মহিলাই উদঙাই দিছে ৰাজ্যৰ ক’ভিড কেয়াৰ কেন্দ্ৰ অথবা একাংশ ক’ভিড চিকিৎসালয়ৰ ফোপোলা স্বৰূপ ৷
উল্লেখ্য যে, ক’ভিড আক্ৰান্ত হৈ বঙাইগাঁও জিলাৰ মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত (Manikpur Model Hospital) ভৰ্তি হৈছিল মহিলা গৰাকী ৷ কিন্তু, ক’ভিড চিকিৎসালয়ৰ নমুনা দেখি চকু কপালত উঠে মহিলাগৰাকীৰ ৷