বঙাইগাঁও, 25 জুলাই :বঙাইগাঁও জিলাত কৰ’ণাৰ ভয়াৱহ ৰূপ । শেহতীয়াকৈ বঙাইগাঁও জিলাৰ পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ আনহাতে জিলা উপায়ুক্তৰ গাড়ী চালকৰ দেহতো ধৰা পৰে ক’ভিডৰ উপস্থিতি ।
ক’ভিড-19 : বঙাইগাঁও জিলাত গণ সংক্ৰমণ - সহ উপ পৰিদৰ্শক ক’ভিড পজিটিভ
বঙাইগাঁও জিলাত ভয়ংকৰ ভাৱে বৃদ্ধি পাইছে ক’ভিড-19 ৰ গণ সংক্ৰমণৰ ঘটনা ৷ আৰক্ষী অধিক্ষকৰ দেহৰক্ষী ক’ভিড পজিটিভ ।
![ক’ভিড-19 : বঙাইগাঁও জিলাত গণ সংক্ৰমণ ক’ভিড-19 : বঙাইগাঁও জিলাত গণ সংক্ৰমণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8162791-470-8162791-1595628452431.jpg)
ক’ভিড-19 : বঙাইগাঁও জিলাত গণ সংক্ৰমণ
ক’ভিড-19 : বঙাইগাঁও জিলাত গণ সংক্ৰমণ
অভয়াপুৰী চহৰৰ নিৰাপত্তাৰ দায়িত্বত থকা 5 জনকৈ CISF জোৱানৰ লগতে জিলাখনৰ অভয়াপুৰী আৰক্ষী থানাৰ এজন সহ উপ পৰিদৰ্শকও ক’ভিড পজিটিভ বুলি ধৰা পৰে । ইয়াক লৈ সমগ্ৰ বঙাইগাঁও তথা অভয়াপুৰীত এতিয়া আতংকময় পৰিৱেশ । বঙাইগাঁও জিলাত এতিয়ালৈকে 374 গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে 209 গৰাকীকৈ লোক আৰোগ্য হ’বলৈ সক্ষম হৈছে ৷ বৰ্তমানো জিলাখনত 156 গৰাকী লোক চিকিৎসাধীন হৈ আছে ।
লগতে চাওক-ভৰলুমুখত বিশেষভাৱে সক্ষম কিশোৰক প্ৰহাৰ : নিলম্বন দেহৰক্ষী মুকুট বনিয়াক