অসম

assam

ETV Bharat / state

মাণিকপুৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী - বিজেপি চৰকাৰক সমালোচনা

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কংগ্ৰেছ কৰ্মীৰ ৷ চৰকাৰক সমালোচনা বিধায়ক আব্দুল বাতেন খন্দকাৰৰ ৷

congress-protest-at-manikpur
মাণিকপুৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

By

Published : Jun 12, 2021, 8:40 AM IST

বঙাইগাঁও, 12 জুন : সমগ্ৰ ৰাজ্যৰ লগতে মাণিকপুৰতো শুকুৰবাৰে পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছ নেতা-কৰ্মীসকলে পালন কৰে ধৰ্ণা কাৰ্যসূচী ৷ মাণিকপুৰৰ ডাংগাইগাঁও পেট্ৰ'ল পাম্পত কংগ্ৰেছৰ বিধায়ক আব্দুল বাতেন খন্দকাৰৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷

বিজেপি চৰকাৰক সমালোচনা বিধায়ক আব্দুল বাতেন খন্দকাৰৰ

উল্লেখনীয় যে, বিগত বছৰত চৰকাৰে 43 বাৰকৈ পেট্ৰ'লৰ মূল্য বৃদ্ধি কৰিছিল বুলি কৈ বিজেপি চৰকাৰক সমালোচনা কৰে বিধায়ক গৰাকীয়ে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ গ' বেক, বিজেপি চৰকাৰ হায় হায় ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়কঃলাহৰিঘাটত বান-গৰাখহনীয়া পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

ABOUT THE AUTHOR

...view details