নিউজ ডেস্ক, 22 অক্টোবৰ : বিজেপি নেতৃত্বাধীন চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে কংগ্ৰেছ(Congress) দলৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ৷ বৃহস্পতিবাৰে বঙাইগাঁও আৰু হোজাইতো চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে ৷ বঙাইগাঁৱত প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে-কাৰ্ড লৈ হিমন্ত বিশ্ব শৰ্মা লেই লেই চেই চেই, মূল্যবৃদ্ধি(Price Hike) ৰোধ কৰক, প্ৰতিবছৰে 5 লাখ টকাকৈ নিবনুৱাক সংস্থাপন দিয়ক, ক্ষমতাৰ খকত থকা হিমন্ত বিশ্ব শৰ্মা হায় হায়, সংবিধান আৰু গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰক, মহিলাৰ ওপৰত অত্যাচাৰ আৰু নাৰী নিৰ্যাতন বন্ধ কৰক, বিধায়কৰ কিনা-বেচা বন্ধ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷
ইফালে বঙাইগাঁৱৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খন্দকাৰে কয় যে, বিজেপিয়ে ‘অচ্ছে দিন’ৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু তাৰ সম্পূৰ্ণ ওলোটা কামহে কৰি আছে বিজেপি চৰকাৰে ৷ পৰিৱৰ্তন আনিব বিচাৰিছিল আৰু পৰিৱৰ্তন আনিছে ৷ কিন্তু মানুহৰ হকে নহয়, বিহকেহে পৰিৱৰ্তন আনিছে ৷ বিজেপিয়ে দেশখন বিক্ৰী কৰি আছে ৷
গুজৰাটৰ মডেলৰ আধাৰত দুগৰাকী গুজৰাটী গাদীত বহি আছে ৷ এগৰাকী প্ৰধানমন্ত্ৰী আৰু আনগৰাকী হ’ল গৃহমন্ত্ৰী ৷ আম্বানী আৰু আদানীৰ নিচিনা সেই দুগৰাকীও গুজৰাটৰ ৷ এই চাৰি গুজৰাটীৰ মাজতে দেশখনৰ বেচা-কিনা চলি আছে ৷ প্ৰধানমন্ত্ৰী যদি দেশৰ এজন ভাল শাসক হয়, তেতিয়াহ’লে দেশৰ এনে দুৰাৱস্থাৰ সময়ত ইমান বৃহৎ ধন খৰচ কৰি বিমান ক্ৰয় কৰিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে বিধায়ক আব্দুল বাতেন খন্দকাৰে ৷