অসম

assam

Congress protest against BJP: ৰাহুল গান্ধীক ৰাৱণ আখ্যা দিয়া বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

আকৌ প্ৰতিবাদ ৷ দেওবাৰে পুৱাই এইবাৰ প্ৰতিবাদত উত্তাল মাণিকপুৰ ৷ শেহতীয়াকৈ বিজেপিয়ে ৰাহুল গান্ধীক ৰাৱণ বুলি আখ্যা দি সামাজিক মাধ্যমত প্ৰচাৰ চলাইছিল ৷ বিজেপিৰ উক্ত কাৰ্যত ক্ষুব্ধ হৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ কংগ্ৰেছী কৰ্মীয়ে সাব্যস্ত কৰে ।

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 8:16 PM IST

Published : Oct 8, 2023, 8:16 PM IST

Congress protest in Assam
প্ৰতিবাদত উত্তাল মাণিকপুৰ

প্ৰতিবাদত উত্তাল মাণিকপুৰ

মাণিকপুৰ, ৮ অক্টোবৰ:বিজেপিৰ আই টি চেলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নতুন যুগৰ ৰাৱণৰ লগত তুলনা কৰি কাৰ্টুনৰে তুচ্ছ তাচ্ছিল্য কৰাত জাঙুৰ খাই উঠিছে কংগ্ৰেছৰ সমৰ্থক সকল । ইয়াৰে প্ৰতিবাদত আজি সমগ্ৰ ৰাজ্য়ৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰ ব্লক কংগ্ৰেছে এক সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে । মাণিকপুৰৰ ৰাজীৱ ভৱনৰ পৰা সমদল কৰি মানিকপুৰ তিনিআলি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অন্ত পেলায় । লগতে এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে ।

প্ৰতিবাদকাৰীসকলে ৰাহুল গান্ধী জিন্দাবাদ,কংগ্ৰেছ জিন্দাবাদ, বিজেপি চৰকাৰ গ'বেক আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে । এই প্ৰতিবাদী সভাত জিলা কংগ্ৰেছৰ সভাপতি আবুল কাশেমে অংশগ্ৰহণ কৰি ৰাহুল গান্ধীক কৰা অপমানক তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে ৰাহুল গান্ধীৰ জনপ্ৰিয়তাক লৈ বিজেপিৰ লগতে দল বজৰং, আৰ এছ এছ আৰু বিজেপিৰ আই টি চেল হতাশাত ভুগি আছে । তাৰ প্ৰমান কেইবাখনো ৰাজ্য়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ কুচকাৱাজত প্ৰতিফলিত হৈছে । সেই ৰাজ্য সমূহত বিজেপিয়ে দলীয় প্ৰাৰ্থী বিচাৰি পোৱা নাই ।

মাণিকপুৰ ব্লক কংগ্ৰেছ কমিটীৰ সম্পাদক ৰুহুল আমিনে বিজেপিৰ এই কাৰ্যক গৰিহণা দি কয় যে মহামানৱ মহাত্মা গান্ধীক ১৯৪৫ চনত বজৰং দলে কাৰ্টুন বনাই ৰাৱণৰ লগত তুলনা কৰিছিল আৰু ১৯৪৮ চনৰ ৩০ জানুৱাৰীত নাথুৰাম গডছে নামৰ লোক এজনে হত্যা কৰিছিল । তেওঁ কয় যে তাৰেই পৰিকল্পনাৰ ৰূপ দেখা গৈছে ৰাহুল গান্ধীৰ ক্ষেত্ৰতো । ৰাহুল গান্ধীৰ জীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে । তেওঁৰ প্ৰতি অন্যায়ভাৱে কৰা বদনাম, নতুন যুগৰ ৰাৱণ আখ্যা, ৰামৰ বিৰোধী, হিন্দু ধৰ্মৰ বিৰোধী যি অপপ্ৰচাৰ কৰি নেতাগৰাকীক হেয় প্ৰতিপন্ন কৰিব বিচাৰিছে তাৰ প্ৰতিবাদতে কংগ্ৰেছ দলে সমগ্ৰ দেশতে সমদল উলিয়াইছে । ৰাজ্য়ৰ আন ঠাইৰ লগতে বঙাইগাঁও জিলা কংগ্ৰেছেও প্ৰতিবাদ সাব্যস্ত কৰিছে । মাণিকপুৰ ব্লক কংগ্ৰেছেও আজি প্ৰতিবাদ সাব্য়স্ত কৰে ।

লগতে পঢ়ক:Bilasipara congress protest against BJP : BJP য়ে ৰাহুল গান্ধীক ৰাৱণ আখ্যা দিয়াক কেন্দ্ৰ কৰি বিলাসীপাৰাত কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details