অসম

assam

ETV Bharat / state

কৰ'ণাক লৈ সতৰ্কতা অবলম্বন ৰাজ্যৰ ভিন্ন প্ৰান্তত - কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ

বঙাইগাঁও, মানিকপুৰ, বৰপটাৰোড আৰু ওদালগুৰিত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত কেইবাগৰাকীও লোকক আছুতীয়া স্থানলৈ প্ৰেৰণ কৰাৰ বিপৰীতে খুমটাইৰ বৰ নামঘৰত বৃহস্পতিবাৰৰ পৰা 31 মাৰ্চলৈ নামঘৰৰ সমূহ ধৰ্মীয় কাৰ্যসূচী স্থগিত ৰাখে ৷ আনহাতে ধেমাজি মহাবিদ্যালয়ৰ ৰসায়ন বিভাগে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰি উলিয়াইছে HANDRUB নামৰ চেনিটাইজাৰ ৷

অবলম্বন ৰাজ্যৰ ভিন্ন প্ৰান্তত
অবলম্বন ৰাজ্যৰ ভিন্ন প্ৰান্তত

By

Published : Mar 19, 2020, 7:16 PM IST

বঙাইগাঁও 19 মাৰ্চঃ কেৰালাৰ পৰা পলায়ন কৰা সন্দেহযুক্ত কৰ’ণা আক্ৰান্ত লোক এজনক আজি পুৱতি নিশা বঙাইগাঁৱত উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে ৷ বৰ্তমান বঙাইগাঁৱৰ এখন চিকিৎসালয়ত তেওঁক আছুতীয়াকৈ ৰখা হৈছে । লোকজন নগাঁও লাহৰীজানৰ বুলি জানিব পৰা গৈছে ৷ লোকজনক কেৰেলাত কৰ'ণাৰ সন্দেহত এখন হোটেলত আবদ্ধ কৰি ৰখা হৈছিল ৷ কেৰেলাৰ আৰক্ষীয়ে আৰক্ষীয়ে অসম আৰক্ষীক অৱগত কৰোৱাৰ পিচতে অসম আৰক্ষীৰ তৎপৰতা বৃদ্ধি পায় আৰু পুৱতি নিশা লোক জনক উদ্ধাৰ কৰে ৷

বঙাইগাঁৱত উদ্ধাৰ সন্দেহযুক্ত লোক

মানিকপুৰঃমানিকপুৰতো কৰ'ণা আক্ৰান্তৰ সন্দেহত তিনি যুৱকৰ তেজৰ নমুনা সংগ্ৰহ কৰে ৷ বাংগালুৰুৰ পৰা তিনি যুৱক আক্ৰান্ত হৈ আছিল জ্বৰত ৷ বৰ্তমান আছুতীয়া কোঠাত তেওঁলোকক ৰকাৰ পৰামৰ্শ প্ৰদান কৰিছে চিকিৎসকে ৷

মানিকপুৰতো কৰ'ণা আক্ৰান্তৰ সন্দেহত তিনি যুৱকৰ তেজৰ নমুনা সংগ্ৰহ

বৰপেটাৰোডঃ বৰপেটাৰোডৰ ৰে'লৱে ষ্টেচনত বৃহস্পতিবাৰে এক পৰীক্ষাৰ অন্তত এজন লোকক কৰ'ণাৰ সন্দেহত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ বৰপেটাৰোড চহৰৰ আনন্দ নগৰৰ বাসিন্দা এই লোকজন তিনিদিন পূৰ্বে আহিছিল বিহাৰৰ পৰা ৷ তিনিদিন ধৰি ব্যক্তি গৰাকী আক্ৰান্ত হৈ আছে চৰ্দি জ্বৰত ৷

এক পৰীক্ষাৰ অন্তত এজন লোকক কৰ'ণাৰ সন্দেহত বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ

ওদালগুৰিঃ ইফালে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত ওদালগুৰিৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুজনকৈ যুৱকক ৷ ইয়াৰে এগৰাকী যুৱক কেৰেলা আৰু আনগৰাকী যুৱক বাংগালুৰুৰ পৰা অহা বুলি জানিব পৰা গৈছে ৷

কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত ওদালগুৰিৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুজনকৈ যুৱকক

খুমটাইঃ সমগ্র বিশ্বতে আতংকৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি খুমটাইৰ ঐতিহাসিক চিনাতলী বৰ নামঘৰৰ সমাজ পৰিষদে বৃহস্পতিবাৰৰ পৰা 31 মাৰ্চলৈ নামঘৰৰ সমূহ ধৰ্মীয় কাৰ্যসূচী স্থগিত ৰাখে ৷

খুমটাইৰ বৰ নামঘৰত বৃহস্পতিবাৰৰ পৰা 31 মাৰ্চলৈ নামঘৰৰ সমূহ ধৰ্মীয় কাৰ্যসূচী স্থগিত

ধেমাজিঃধেমাজি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে কৰ'ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সজাগতা আৰু নিৰাপদে থকাৰ বাবে স্বাস্থ্যসন্মত চেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে ৷ HANDRUB নামৰ চেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে বিভাগটোৰ একাংশ লোকে ৷

HANDRUB নামৰ চেনিটাইজাৰ প্ৰস্তুত কৰি উলিয়াইছে ধেমাজি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগে

লগতে পঢ়কঃকৰ’ণা ভাইৰাছক লৈ কিমান সজাগ ৰাইজ ?

ABOUT THE AUTHOR

...view details