চিৰাং, 26 জুলাই:বঙাইগাঁও জিলাত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ আৰক্ষী অধীক্ষকৰ চতুৰ্থ সন্মিলন ৷ এই কাৰ্যসূচীৰ লগতে জিলাখনৰ উদযাপন হ’বলগীয়া বিভিন্ন উন্নয়নমূলক আঁচনিৰ শিলান্যাস আৰু লোকাৰ্পণ কাৰ্যসূচী সামৰি জিলাখনৰ বিকাশ উৎসৱ হিচাবে কাইলৈ (27 জুলাই) বিয়লি দুই বজাত বঙাইগাঁও মহাবিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
বৃহস্পতিবাৰে পুৱাৰ ভাগত উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত বৰঘোলা কীৰ্তনপাৰা সংযোগী প্ৰায় সত্তৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা পকী দলং মুকলি কৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁও পৰিৱেশ উদ্যানত ইকো পাৰ্ক আৰু ৱাটাৰ পাৰ্ক মুকলি, জিলা পুথিভঁৰালত বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি আৰু বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন, ৰে’লৱে চিলাৰায় উৰণীয়া সেতুত থিম পাৰ্ক, বঙাইগাঁও ঔদ্যোগিক খেল পথাৰত নৱ নিৰ্মিত সভাকক্ষ মুকলি, পৰিৱেশ উদ্যান সংলগ্ন উদ্যানত এশ ফুট ওখ ৰাষ্ট্ৰীয় পতাকা স্থাপন আদি কাৰ্যসূচীত অংশ ল’ব ৷