অসম

assam

ETV Bharat / state

CM in Bongaigaon: বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়ে বুজ ল'লে কেইবাটাও উন্নয়নমূলক প্ৰকল্প কামৰ অগ্ৰগতি

শনিবাৰে বঙাইগাঁও জিলাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ কাম-কাজৰ খতিয়ান ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বঙাইগাঁৱৰ নিৰ্মীয়মান থীম পাৰ্কৰ কামৰ অগ্ৰগতিৰো বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

CM in Bongaigaon
CM in Bongaigaon

By

Published : Jul 29, 2023, 4:50 PM IST

বঙাইগাঁৱত মুখ্যমন্ত্ৰী

বঙাইগাঁও, ২৯ জুলাই: অসম আৰক্ষী অধীক্ষকসকলৰ সন্মিলৰ আজি দ্বিতীয় দিন ৷ আজি সন্মিলন আৰম্ভ হোৱাৰ পূৰ্বে চহৰখনৰ কেইবাটিও নতুন প্ৰকল্প আৰু নিৰ্মিয়মান প্ৰকল্পত মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে কামৰ খতিয়ান লয় ৷ পুৱাই আঠ বজাত মুখ্যমন্ত্ৰীয়ে বঙাইগাঁৱৰ জেল্কাঝাৰত নিৰ্মীয়মাণ ইনটিগ্ৰেটেড জিলা আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শন কৰে আৰু ইয়াৰ অগ্ৰগতিৰ বুজ লয় ৷

পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীক সংগ দিয়ে বিধায়ক ফণীভূষণ চৌধুৰী আৰু প্ৰাক্তন বিধায়ক অশোক সিংহীয়ে ৷ ইনটিগ্ৰেটেড আয়ুক্ত কাৰ্যালয়টোৰ নিৰ্মাণকাৰ্য ক্ষীপ্ৰ গতিত চলি থকা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । সঠিকভাৱে নিৰ্মাণ কাৰ্য চলি আছে যদিও কামৰ ক্ষেত্ৰত কিছু খৰতকীয়া কৰিব লাগিব বুলি কয় তেওঁ ।

২০২৬ চনৰ ভিতৰত এই কাৰ্যালয়টো মুকলি কৰাৰ পৰিকল্পনা কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ পিচতে চহৰৰ মাজমজিয়াত নিৰ্মাণ কৰা থীম পাৰ্কখনত উপস্থিত হৈ পৰ্যবেক্ষণ কৰে ৷ তাৰ পিচতে বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁৱত থকা পৰিৱেশ উদ্যানত চি আই ডি এফ আঁচনিৰে প্ৰায় ১৬ কোটি টকাৰে নিৰ্মাণ কৰি উলিওৱা ৱাৰ্টাৰ পাৰ্কখন পৰিদৰ্শন কৰি ইয়াৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

একেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁও ৱাকিং জ’নত 25 লাখ টকা ব্যয় সাপেক্ষে নতুন কৈ নিৰ্মাণ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ স্থায়ী ভেটি আৰু স্তম্ভ মুকলি কৰি পতাকা উত্তোলন কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিচতে বঙাইগাঁও আই টি আই খেল পথাৰত নৱ নিৰ্মিত পুলিচ কনভেনশ্যন চেন্টাৰৰ চৌহদত এডাল গছ পুলি ৰোপন কৰে আৰু ইয়াৰ পিচতে আজিৰ আৰক্ষী অধীক্ষক সন্মিলনত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:Rohingya infiltration: ৰহিংগীয়া অনুপ্ৰৱেশৰ কৰিডৰ অসম; হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details