অসম

assam

ETV Bharat / state

বঙাইগাঁৱত দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা

স্থানীয় লোকে দুৰ্বৃত্তৰ পিছ লৈ শিৱালী কমপ্লেক্সৰ সন্মুখত আটক কৰে দুৰ্বৃত্তটোক ৷ আৰক্ষী সূত্ৰই ব্যক্ত কৰা মতে, ধন লুটত জড়িত এই যুৱকজনৰ নাম অমৰ নাথ গোৱালা ৷

বঙাইগাঁও চহৰৰ ব্যস্ত এলেকাত দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা

By

Published : May 28, 2019, 7:00 PM IST

বঙাইগাঁও,২৮ মে' : বঙাইগাঁও চহৰত মঙলবাৰে দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা । অৱশ্যে পাঁচ লাখ চাৰি হেজাৰ টকাসহ ধন লুটত জড়িত এজন যুৱকক কৰায়ত্ত কৰে স্থানীয় ৰাইজে ।

জানিব পৰামতে বঙাইগাঁও ভাকাৰিটাৰ বাসিন্দা জগন্নাথ সাহা নামৰ পঞ্চাশ ঊৰ্ধৰ লোকজনে বিনোদ হৰলালকা নামৰ ঠিকাদাৰজনৰ ফাৰ্মৰ বাবে দুপৰীয়া বাৰ মান বজাত বঙাইগাঁও মায়াপুৰীস্থিত ভাৰতীয় ষ্টেট বেংকৰ পৰা পাঁচ লাখ চাৰি হাজাৰ টকা সংগ্ৰহ কৰে ।ইফালে বেংকৰ বাহিৰত থোৱা জগন্নাথ সাহাৰ চাইকেলখনৰ তলত কেইবাখনো এশটকীয়া নোট পেলাই থয় দুৰ্বৃত্তই । বেংকৰ পৰা ওলাই আহি সাহাই নিজৰ টকা পৰিছে বুলি বুটলা মুহূৰ্ততে টকাৰ বেগ লৈ উধাও হয় দুৰ্বৃত্ত ৷ পিছত সাহাই চিঞৰ-বাখৰ কৰাত স্থানীয় লোকে দুৰ্বৃত্তৰ পিছ লৈ শিৱালী কমপ্লেক্সৰ সন্মুখত আটক কৰে দুৰ্বৃত্তটোক ৷ আৰক্ষী সূত্ৰই ব্যক্ত কৰা মতে, ধন লুটত জড়িত এই যুৱকজনৰ নাম অমৰ নাথ গোৱালা ৷

বঙাইগাঁও চহৰৰ ব্যস্ত এলেকাত দিন দুপৰতে দুটাকৈ ধন লুটৰ ঘটনা

ইফালে এই ঘটনাৰ এঘন্টা পাছতে আৰু এটা ধন লুটৰ ঘটনা সংঘটিত হয় ৷ ৰে'ল বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বৰ্ষণগাঁৱৰ নিবাসী জীতেন্দ্ৰ চন্দ্ৰ সৰকাৰ নামৰ লোকজনে একেটা ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ পৰা ডেৰ লাখ টকা সংগ্ৰহ কৰি নিজৰ এ এছ ১৯ কে ০৩২৬ নম্বৰৰ স্কুটীত মোনাৰে সৈতে ভৰাই বঙাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় যদিও কাৰ্যালয়টোত কিছুসময় থাকি বাহিৰলৈ আহি দেখে যে স্কুটীৰ ডিকী খোল খাই আছে ৷ দুৰ্বৃত্তই তেওঁৰ ডিকীৰ তলা অন্য চাবিৰে খুলি ডেৰ লাখ টকা লুট কৰি নিয়াৰ লগতে মাটিৰ নথি- পত্ৰও লৈ যায় ৷ ঘটনাৰ পাছত জীতেন্দ্ৰ চন্দ্ৰ সৰকাৰে বঙাইগাঁও সদৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে বেষ্টনীৰ মাজতো বঙাইগাঁও চহৰত এঘন্টাৰ ভিতৰতে দুটাকৈ ধন লুটৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সাধাৰণ ৰাইজক ।

ABOUT THE AUTHOR

...view details