চিৰাং, 8এপ্ৰিল: ৰাজ্যত পুনৰ আৰম্ভ হৈছে মহামাৰী ক’ৰ’নাৰ ভয়াহবতা ৷ ৰাজ্যত ক'ভিড-১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত চৰকাৰী ঘোষণাৰ পূৰ্বেই চিৰাঙত শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা বিদ্যালয় কতৃপক্ষৰ । ৰাজ্যত পুনৰ ক'ভিড-১৯ ৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে চিৰাং জিলাৰ ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ উপনগৰীৰ ভিতৰত থকা দুখনকৈ শিক্ষানুষ্ঠান বৃহস্পতিবাৰৰ পৰা বন্ধ ঘোষণা কৰে বিদ্যালয় কতৃপক্ষই ।
উল্লেখ্য যে, বঙাইগাওঁ শোধনাগাৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু দিল্লী প্লাব্লিক স্কুলৰ পাঠদান প্ৰক্ৰিয়া আজিৰ পৰা ২০ এপ্ৰিললৈকে আনুষ্ঠানিক ভাৱে বন্ধ বুলি ঘোষণা কৰিছে । মূলতঃ ৰাজ্যখনত ক্ৰমশঃ বৃদ্ধি পোৱা ক'ভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে এই প্ৰদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰি কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ।