বঙাইগাওঁ, 28 জুলাই: চিৰাং জিলাৰ ঢালিগাঁৱস্থিত ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনাগাৰ চৌহদৰ ৰাষ্ট্ৰীয় ঘাইপথত পাৰিপাৰ্শ্বিক অৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে বুধবাৰে বঙাইগাঁও শোধনাগাৰ কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ চি আই এছ এফৰ বঙাইগাঁও শোধনাগাৰ ইউনিটে গছপুলি ৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰে(Bongaigaon Refinery Unit conducted a tree planting programme) ৷
জিলাখনৰ বঙাইগাঁও শোধনাগাৰৰ মাজেৰে যোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ মাজৰ অংশত বাহিনীয়ে পাঁচশ জোপা বিভিন্ন ধৰণৰ গছৰ পুলি ৰোপণ কৰে ৷ এই গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ বঙাইগাঁও ইউনিটৰ কমাণ্ডেণ্ট পি ডি গাইছুঙে ৷
গছপুলি ৰোপণ কাৰ্যসূচীত বাহিনীটোৰ সহকাৰী কমাণ্ডেণ্ট চি টনডুপসহ বাহিনীৰ পুৰুষ আৰু মহিলা জোৱানসকলে গছ পুলি ৰোপণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৷ চি আই এছ এফৰ বঙাইগাঁও ইউনিটৰ কমাণ্ডেণ্ট পি ডি গাইছুঙে জনোৱা অনুসৰি, বঙাইগাওঁ শোধনাগাৰ এলেকাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ খালী ঠাইবোৰত গছ-গছনি নথকাৰ বাবে বাহিনীয়ে আজি পাঁচশ বিভিন্ন ধৰণৰ মূল্যবান গছৰ পুলি ৰোপণ কৰে ৷
এই গছৰ পুলি সমূহৰ ৰক্ষণাবেক্ষণ বাহিনীৰ তৰফৰ কৰা হব ৷ কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ বঙাইগাঁও ইউনিটে চলিত বৰ্ষত বিভিন্ন ঠাইত চাৰি হেজাৰ গছৰ পুলি ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলিও সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:কেক কাটি ১০২ বছৰ পুৰণি বট বৃক্ষৰ জন্মদিন উদযাপন