অসম

assam

ETV Bharat / state

বঙাইগাঁও জিলা কৰ্তৃপক্ষৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উন্মোচন - বঙাইগাঁও জিলা প্ৰশাসনৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উন্মোচন

চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা প্ৰশাসনে উন্মোচন কৰে চিলাৰায়ৰ প্ৰতিমূৰ্তি ৷ প্ৰতিমূৰ্তিৰ উন্মোচন কৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷

মন্ত্ৰী ফণীভূষণ চৌধুৰী উপস্থিত
চিলাৰায়ৰ প্ৰতিমূৰ্তি উন্মোচন

By

Published : Feb 9, 2020, 5:56 PM IST

বঙাইগাঁও, 9 ফেব্ৰুৱাৰী : বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১০ সংখ্যক জন্মজয়ন্তী উপলক্ষ্যে বঙাইগাঁও জিলাৰ ৰাখালডুবিত বঙাইগাঁও জিলা প্ৰশাসনে উন্মোচন কৰে চিলাৰায়ৰ প্ৰতিমূৰ্তি ৷ এই প্ৰতিমূৰ্তি উন্মোচন কৰে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে বঙাইগাঁও জিলাৰ উপায়ুক্ত ড. চেদনেক সিং, আৰক্ষী অধীক্ষক সিংহৰাম মিলিৰ লগতে জিলা প্ৰশাসনৰ কেইবাজনো শীৰ্ষ বিষয়া ৷ ইয়াৰোপৰি, কোঁচ ৰাজবংশী বিভিন্ন জাতীয় দল-সংগঠনৰ নেতা কৰ্মীও অনুষ্ঠানত উপস্থিত থাকে ৷

মন্ত্ৰী ফণীভূষণ চৌধুৰী
চিলাৰায়ৰ প্ৰতিমূৰ্তি উন্মোচন

আনহাতে, বঙাইগাঁৱত অনুষ্ঠিত হ’বলগা কেন্দ্ৰীয় চিলাৰায় দিৱসত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

আৰু পঢ়ক : 25 টকীয়া শ্ৰমিকৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিজন

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details