বঙাইগাঁও, 12 নৱেম্বৰঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বঙাইগাঁও ভ্ৰমণৰ প্ৰাকক্ষণত বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰে বঙাইগাঁও জিলা কংগ্ৰেছে ৷ সংবাদমেলত জিলা কংগ্ৰেছৰ সভাপতি শংকৰ প্ৰসাদ ৰায় সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ৷ সভাপতি গৰাকীয়ে কয় যে, 13 নৱেম্বৰত মুখ্যমন্ত্ৰী গৰাকীয়ে আধাৰশিলা স্থাপনৰ বাবে আহিব যদিও সেইয়া কেৱল মাত্ৰ নিৰ্বাচনৰ আগমূৰ্হুতত এটা ধামাকাহে ৷ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেও মুখ্যমন্ত্ৰীগৰাকী বঙাইগাঁৱলৈ আহি ইঞ্জিনীয়াৰিঙ কলেজৰ আধাৰশিলা স্থাপন কৰি গৈছিল যদিও মূৰকত একোৱেই নহ'ল ইঞ্জিনিয়াৰিং কলেজৰ ৷ যাৰ বাবে মুখ্যমন্ত্ৰীক নিৰ্বাচনী ধামাকা নিদিবলৈ আহ্বান জনোৱাৰ লগতে বঙাইগাঁৱবাসীক ভুৱা প্ৰতিশ্ৰুতিৰে আভুৱা নভৰাবলৈও আহ্বান জনায় সভাপতি শংকৰ প্ৰসাদ ৰায়ে ৷
মুখ্যমন্ত্ৰীৰ বঙাইগাঁও ভ্ৰমণক লৈ সৰৱ জিলা কংগ্ৰেছ - ইঞ্জিনীয়াৰিঙ কলেজ
13নৱেম্বৰত মুখ্যমন্ত্ৰী গৰাকীয়ে আধাৰশিলা স্থাপনৰ বাবে আহিব যদিও সেইয়া কেৱল মাত্ৰ নিৰ্বাচনৰ আগমূৰ্হুতত এটা ধামাকাহে ৷ যাৰ বাবে মুখ্যমন্ত্ৰীক নিৰ্বাচনী ধামাকা নিদিবলৈ আহ্বান জনোৱাৰ লগতে বঙাইগাঁৱবাসীক ভুৱা প্ৰতিশ্ৰুতিৰে আভুৱা নভৰাবলৈও আহ্বান জনায় সভাপতি শংকৰ প্ৰসাদ ৰায়ে ৷
![মুখ্যমন্ত্ৰীৰ বঙাইগাঁও ভ্ৰমণক লৈ সৰৱ জিলা কংগ্ৰেছ Chief Minister's visits oppose by bongaigaon District Congress](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9524475-1071-9524475-1605186761533.jpg)
মুখ্যমন্ত্ৰীৰ বঙাইগাঁও ভ্ৰমণক লৈ সৰৱ জিলা কংগ্ৰেছ
মুখ্যমন্ত্ৰীৰ বঙাইগাঁও ভ্ৰমণক লৈ সৰৱ জিলা কংগ্ৰেছ
তদুপৰি বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে স্থানীয় বিধায়ক তথা যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীক এগৰাকী অকৰ্মণ্য মন্ত্ৰী বুলি আখ্যা দিয়ে ৷ মন্ত্ৰীগৰাকীৰ প্ৰতিটো কামেই আধৰুৱা বুলিও অভিযোগ কৰে সভাপতিগৰাকীয়ে ৷ আনহাতে, মন্ত্ৰী ফণীভূষণ চৌধুৰী দীৰ্ঘদিনৰ পৰাই দুৰ্নীতিত নিমজ্জিত বুলি সংবাদমেলত অভিযোগ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷
লগতে পঢ়কঃউজনি আৰু উত্তৰ অসমৰ ৪৯ টা সমষ্টিলৈ বিজেপিৰ চকু কিয় ?