অসম

assam

By

Published : Aug 29, 2020, 3:09 PM IST

ETV Bharat / state

বঙাইগাঁৱত উপস্থিত বিশেষ আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল

শুকুৰবাৰে বঙাইগাঁৱৰ বানাক্ৰান্ত অঞ্চলসমূহৰ বৰ্তমানৰ পৰিস্থিতি পৰিদৰ্শন কৰাৰ বাবে উপস্থিত হয় এক বিশেষ আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল ৷ দলটোৱে অস্থায়ীভাৱে বাহৰ পাতি থকা বানপীড়িত লোকসকলৰ সৈতে ভাৱ বিনিময় কৰে আৰু তেওঁলোকৰ পৰিস্থিতিৰ বুজ লয় ।

Central team visit flood area at Bongaigaon
বঙাইগাঁৱত উপস্থিত বিশেষ আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল

বঙাইগাঁও, 29 আগষ্টঃ ৰজ্যৰ আন আন প্ৰান্তৰ লগতে বঙাইগাঁৱতো চলিত বৰ্ষৰ বানে ধাৰণ কৰিছিল সংহাৰী ৰূপ ৷ 27 জুনৰ পৰা জিলাখনৰ মুঠ চাৰিটা ৰাজহচক্ৰ ক্ৰমে সৃজনগ্ৰাম, বইটামাৰী, বঙাইগাঁও আৰু মানিকপুৰৰ অন্তৰ্গত বহু এলেকা গুৰুতৰভাৱে বানৰ কৱলত পৰি বিস্তৰ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল ৷ জিলাখনৰ এই বানাক্ৰান্ত অঞ্চলসমূহৰ বৰ্তমানৰ পৰিস্থিতি পৰিদৰ্শন কৰাৰ বাবে শুকুৰবাৰে বঙাইগাঁৱত আহি উপস্থিত হয় এক বিশেষ আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল ৷ কলকাতাৰ কৃষি মন্ত্ৰালয়ৰ সঞ্চালক শ্ৰী নৰেন্দ্ৰ কুমাৰৰ প্ৰতিনিধিত্বত অহা দলটোত আছিল গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ উপসচিব শ্ৰী হৰিশ কুমাৰ বশিষ্ট আৰু ASDMAৰ তৰফৰ পৰা ৰাজ্যিক পৰ্যায়ত প্ৰট’কল বিষয়া হিচাবে অহা মিৰ্জা মহম্মদ ঈৰ্ষাদ ৷

বঙাইগাঁৱত উপস্থিত বিশেষ আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল

উল্লেখ্য যে, দলটোৱে শুকুৰবাৰে বিয়লি ৩.৩০ বজাত জিলাখনৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জৰাগুৰি-১ আৰু জামদহা-২ গাঁও পৰিদৰ্শন কৰি সেই অঞ্চলসমূহত হোৱা ক্ষয় ক্ষতিৰ বুজ লয় ৷ এই দুয়োখন গাঁৱৰে বহু অঞ্চল 40 দিনতকৈও অধিক বানৰ কবলত আছিল ৷ ইয়াৰ উপৰিও বালিয়ে ঢাকি পেলোৱা কৃষি ভূমি পৰিদৰ্শন কৰি সেই কৃষিভূমিৰ বৰ্তমানৰ গুণাগুণৰ লগত খাপ খোৱা শস্যৰ খেতি কৰিবলৈ স্থানীয় লোকসকলক পৰামৰ্শ আগবঢ়ায় দলটোৱে ৷ লগতে দলটোৱে অস্থায়ীভাৱে বাহৰ পাতি থকা বানপীড়িত লোক সকলৰ সৈতে ভাৱ বিনিময় কৰে আৰু তেওঁলোকৰ পৰিস্থিতিৰ বুজ লয় ।

বঙাইগাঁৱত উপস্থিত বিশেষ আন্তঃ মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় দল

লগতে পঢ়ক-নলা-নৰ্দমা নিৰ্মাণৰ আধাৰশিলা উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ABOUT THE AUTHOR

...view details