অসম

assam

ETV Bharat / state

আপোনাৰ অকণমান সহায়ে এগৰাকী কণমানি কৰ্কট ৰোগী শিশুক সুস্থ কৰি তুলিব পাৰে

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ আহ্ৱান দৰিদ্ৰ পৰিয়ালৰটোৰ লগতে আমছুৰ ৷ আপোনাৰ এধানিমান সহায়ে হাঁহি বিৰিঙাব পাৰে শিশুটিৰ মুখত ৷

CANCER  CHILDREN PATAINT  HELP APPLE POOR FAMALIY AT BONAGIGOAN
আপোনাৰ অকণমান সহায়ে এগৰাকী কণমানি কৰ্কট ৰোগী শিশুক সুস্থকৰি তুলিব পাৰে

By

Published : Aug 9, 2020, 4:51 PM IST

উত্তৰ অভয়াপুৰী, ৯আগষ্টঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ ১নং ভাণ্ডাৰা গাঁৱৰ বিকলাংগ জয়নুদ্দিনৰ কণমানি কন্যা সন্তানজনী কৰ্কট সদৃশ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰে যুঁজি আছে । বানপানী,কৰ‘ণা আৰু লকডাউনে সৰ্বস্বান্ত কৰা অতি দৰিদ্ৰ তথা বিকলাংগ জয়নুদ্দিনে সকলো সামগ্ৰী বিক্ৰী কৰি প্ৰায় ৩ লাখ টকা খৰছ কৰি চিকিৎসা কৰিছে যদিও কণমানিটোক সুস্থ কৰি তুলিব পৰা নাই। শিশুটিক সুস্থ কৰি তোলাৰ লগতে সহায় কৰিবলৈ অসমবাসী ৰাইজক আহ্বান জনাইছে উপায়ন্তৰ হৈ ভুক্তভোগী পৰিয়ালটোৱে ।

ইপিনে বঙাইগাঁও জিলা আমছুৰ তৰফৰ পৰা সামান্য আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ লগতে অসমবাসীৰ লগতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায় কৰিবলৈ অনুৰোধ জনায় সংগঠনটোৱে। আনহাতে কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে JOYN UDDIN AC NO=3654404634, IFSC CODE=CBINO282588 যোগাযোগ কৰিব পাৰে ৷ আপোনাৰ এধানিমান সহায়ে কণমানি শিশুটিক এটি নতুন জীৱন দান দিব পাৰে ৷

আপোনাৰ অকণমান সহায়ে এগৰাকী কণমানি কৰ্কট ৰোগী শিশুক সুস্থকৰি তুলিব পাৰে

লগতে পঢ়কঃ মৈৰাবাৰীত ভেজাল গুৰ মিঠাই জব্দ

ABOUT THE AUTHOR

...view details