গুৱাহাটী, 2 ডিচেম্বৰ: বিতৰ্কৰ সোমাই পৰিছে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান চমুকৈ 'আইডল ৷'বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমোদন নথকাকৈয়ে পাঠ্যক্ৰম অব্যাহত আছিল 21টাকৈ বিষয়ৰ ৷ এই কথা পোহৰলৈ আহিছে কম্পট্ৰ’লাৰ এণ্ড অ’ডিটৰ জেনেৰেল অৱ ইণ্ডিয়া (CAG)ৰ এক প্ৰতিবেদনত ৷ এই সমীক্ষাত 2010-11ৰ পৰা 2016-17চনলৈকে সময়চোৱাক CAGএ সামৰি লৈছে ।
উল্লেখ্য যে, ডিছটেন্স এডুকেশ্যন কাউন্সিল(DEC)য়ে ইংৰাজী, অসমীয়া, বাংলা, অৰ্থনীতি, বুৰঞ্জীকে ধৰি মুঠ 8টাবিষয়ৰহে পাঠ্যক্ৰমৰ অনুমতি দিছিল ৷ অনুমোদনহীন বিষয়তবোৰত মুঠ 73,912গৰাকী শিক্ষাৰ্থীৰ নাম ভৰ্তি কৰোৱাইছিল গুৱাহাটী বিশ্ববিদ্যালয় আইডল কৰ্তৃপক্ষই ৷ সাতবছৰে চলাই অহা এই ফাঁকিবাজিৰে অবৈধ পাঠ্যক্ৰমৰ নামত শিক্ষাৰ্থীৰ পৰা আইডলে সৰকাইছিল 39.6কোটি টকা ৷ CAGৰ মতে, অনুমোদনহীন বিষয়ত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ প্ৰমাণপত্ৰ অবৈধ হিচাপে গণ্য কৰাৰ লগতে গ্ৰহণযোগ্য নহ’ব কোনো চৰকাৰী চাকৰিৰ বাবে ৷
2016চনলৈ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎৰ লগত ধেমালি কৰা সময়চোৱাত আইডলৰ সঞ্চালক হিচাপে ড৹ কন্দৰ্প দাস থকাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত আছিল ড৹ মৃদুল হাজৰিকা ৷