দক্ষিণ অভয়াপুৰী, 14 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অভিন্ন অংগ হৈ পৰিছে নেতাৰ নাচ-গান ৷ শনিবাৰে বঙাইগাঁৱৰ যোগীঘোপাৰ অশোকাষ্টমী মেলাত উপস্থিত হৈ বিহু জুৰিলে বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ সংগীত চৰ্চাত নাম থকা প্ৰাৰ্থীগৰাকীয়ে ৰাজনৈতিক কথা-বতৰাৰ মাজতে এফাঁকি বিহু গায় ৷
বিহু গালে কুমাৰ দীপক দাসে - যোগীঘোপা
শনিবাৰে বঙাইগাঁৱৰ যোগীঘোপাৰ অশোকাষ্টমী মেলাত উপস্থিত হৈ বিহু জুৰিলে বৰপেটাৰ অগপ প্ৰাৰ্থী কুমাৰ দীপক দাসে ৷ সংগীত চৰ্চাত নাম থকা প্ৰাৰ্থীগৰাকীয়ে ৰাজনৈতিক কথা-বতৰাৰ মাজতে এফাঁকি বিহু গায় ৷

বিহু গালে কুমাৰ দীপক দাসে
গায়ক কুমাৰ দীপক দাস
ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কৌশলপূৰ্ণ মন্তব্য কৰে কুমাৰ দীপক দাসে ৷ এন ডি এৰ সৈতে চামিল হোৱাৰ সময়ত অসম গণ পৰিষদে বিধেয়কখন সন্দৰ্ভত স্থিতি স্পষ্ট কৰা বুলি কৈ বিজেপিৰ ইস্তাহাৰত আছে বাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিধেয়কখন গৃহীত কৰা হ'ব বুলি ঘোষণা কৰিছে বুলি মন্তব্য কৰে দাসে ৷ আনহাতে পুনৰ নৰেন্দ্ৰ মোডীয়েই প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত বুলি জানি বদৰুদ্দিন আজমলে ভিত্তিহীন মন্তব্য কৰি অহা বুলি আজমলক সমালোচনা কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ৷
Last Updated : Apr 14, 2019, 4:16 AM IST