বঙাইগাঁও,১৭ ডিচেম্বৰ:ৰাজ্যত অব্যাহত আছে বার্মিজ চুপাৰিৰ বৃহৎ ছিণ্ডিকেট । সক্রিয় হৈ আছে ছিণ্ডিকেট বাহিনী । প্ৰতি নিশাই ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হয় চুপাৰিভর্তি ট্রাক । চলিত বৰ্ষৰ সাত আগষ্টত বঙাইগাঁও জিলাৰ বইটামাৰীৰ তেল ডিপোৰ ওচৰত এখন বার্মিজ চুপাৰিভর্তি ট্রাক জব্দ কৰাৰ পিছত দেওবাৰেও জিলাখনৰ তালগুৰি নিত্যবজাৰৰ ওচৰত এখন চুপাৰিভৰ্তি ট্ৰাক জিলাখনৰ জি এছ টি বিভাগৰ লোকে জব্দ কৰি কার্যালয়লৈ লৈ আহে ।
AS-01-GC-484 ৰ নম্বৰৰ চুপাৰিভর্তি ট্রাকেৰে চিৰাং জিলাৰ বিজনীৰ দুটুৰী অঞ্চলৰ পৰা বঙাইগাঁও, ধুবুৰীৰ ছাগলীয়া গেট হৈ নাগপুৰলৈ গৈ থকা অৱস্থাত বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকীৰ অন্তৰ্গত তালগুৰিৰ নিত্যবজাৰৰ ওচৰত জি এছ টি বিভাগৰ লোকে জব্দ কৰিবলৈ সক্ষম হয় । অবৈধ কাগজ-পত্ৰৰে নিশাৰ ভিতৰত অসমৰ মাজেৰে পাৰ হৈ যাবলৈ ধৰোতে জব্দ হয় চুপাৰিভর্তি ট্রাকখন ।
জানিবপৰা মতে, বার্মিজ চুপাৰিক লোকেল চুপাৰি সজাই বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আছে সক্রিয় হৈ থকা ছিণ্ডিকেট বাহিনীয়ে । ৰাজ্যৰ একাংশ ৰাজনৈতিক নেতা, আৰক্ষীৰ লগত গোপন বুজাবুজিৰে দীর্ঘ দিনৰে পৰা চলাই আহিছে চুপাৰিৰ অবৈধ ক'লা বজাৰ । বি টি আৰৰ চিৰাং জিলাৰ বিজনীৰ পৰা এই চুপাৰি ছিণ্ডিকেট নিয়ন্ত্রণ কৰি আছে কেইবাগৰাকী চুপাৰি মাফিয়াই ।