মানিকপুৰ,27 ছেপ্তেম্বৰ : দালালৰাজৰ বিৰুদ্ধে চৰকাৰ তথা আৰক্ষী প্ৰশাসন সৰৱ হৈ থকাৰ সময়তে মানিকপুৰত পোহৰ লৈ আহিছে আন এক দালালৰ লুণ্ঠনৰাজৰ কাহিনী ৷ মাটিৰ দালালৰ নহয় এইবাৰ পোহৰলৈ আহিছে ট্ৰেক্টৰ দালালৰ কু-কীৰ্তিৰ কথা ৷ উত্থাপিত অভিযোগ অনুসৰি বিজনীৰ গেৰুকাবাৰীত অৱস্থিত বালাজী ট্ৰেক্টৰ নামৰ এটা এজেন্সীৰ মালিক ছাতিৰাম বৰ্মনে টেক্টৰ বিক্ৰীৰ নামত চলাইছে লুণ্ঠনৰাজ ৷ বহু লোকৰ পৰা বৰ্তমানলৈ আত্মসাৎ কৰিছে কোটি কোটি টকা ৷
কোটি টকা আত্মসাৎ কৰি অন্তৰ্ধান দালাল ছাতিৰাম বৰ্মন প্ৰাপ্ত খবৰ মতে, ছাতিৰাম বৰ্মনে ট্ৰেক্টৰ বিক্ৰী কৰাৰ নামত মানিকপুৰৰ বহু লোকৰ পৰা কোটি টকা সংগ্ৰহ কৰি বৰ্তমান পলাতক অৱস্থাত আছে ৷ কীৰ্তনপাৰা গাঁৱৰ নন্দলাল বৰ্মণ নামৰ এজন নিৰক্ষৰ লোকৰ পৰা ছাতিৰামে আত্মসাৎ কৰিছে তিনি লক্ষাধিক টকা ৷ জানিব পৰা মতে, নন্দ লালে 6 লাখ 70 হাজাৰ টকাৰ টেক্টৰ এখন 3 লাখ 20 হাজাৰ টকা জমা কৰি 3 লাখ 50 হাজাৰ টকা ফাইনেঞ্চ কৰে ৷
পৰৱৰ্তী সময়ত প্ৰতি মাহত দিবলগীয়া 15 হাজাৰ টকাৰ ঠাইত নন্দলালে 50 হাজাৰকৈ টকা জমা কৰে দালাল ছাতিৰামৰ নামত ৷ কিন্তু হৃষিকেশ এন্টাৰপ্ৰাইজ নামৰ এক ভুৱা এজেন্সীৰ ৰচিদ দি মাহৰ পিছত মাহ ধৰি টকাখিনি আত্মসাৎ কৰে ছাতি ৰামে ৷ নন্দলালে টেক্টৰৰ কিস্তি পৰিশোধ হোৱা কাগজ সংগ্ৰহ কৰিবলৈ যাওঁতেই টকা আত্মসাৎৰ ঘটনা পোহৰলৈ আহে ৷
এই ঘটনা পোহৰলৈ অহাৰ পাছত ছাতিৰামৰ বিৰুদ্ধে নন্দ লালে বৰঘোলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ প্ৰাপ্ত খবৰ মতে,বালাজি ট্ৰেক্টৰ নামৰ এই প্ৰতিষ্ঠানটোৰ যোগেদি দালাল ছাতিৰামে বৃহত্তৰ অঞলৰ পৰা কৌটি টকা আত্মসাৎ কৰি পলায়ন কৰিছে ৷ কীৰ্ত্তন পাৰাৰ নন্দ লাল এক উদাহৰণ হে মাত্ৰ ৷ এইধৰ‘ৰ দালাল সকলৰ বিৰুদ্ধে আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ'ব ৷
লগতে পঢ়কঃঅখিল গগৈ প্ৰাইভেট লিমিটেডত পৰিণত হৈছে নেকি ৰাইজৰ দল ?