অসম

assam

ETV Bharat / state

মৰাপাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে ছিঙিলে কোটিটকীয়া দলং

ফেনে ফোটোকাৰে বাঢ়িছে মৰাপাগলাদিয়া নৈৰ পানী ৷ খৰস্ৰোতা পানীৰ ফলত মঙলবাৰে ছিগি যায় বাক্সাৰ মুছলপুৰ - সুৱনখাটা সংযোগী পথৰ সুৱনখাটাৰ কোটিটকীয়া দলং ৷

By

Published : Jul 23, 2019, 6:29 PM IST

মৰাপাগলাদিয়া নৈৰ বাঢ়নি পানীয়ে ছিগিলে কোটিটকীয়া দলং

চাপাগুৰি, 23 জুলাই : বিগত কিছুদিন ধৰি হোৱা মুষলধাৰ বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়িছে মৰাপাগলাদিয়া নৈৰ পানী ৷ ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা পানীৰ ফলত মঙলবাৰে ছিগি যায় বাক্সাৰ মুছলপুৰ - সুৱনখাটা সংযোগী পথৰ সুৱনখাটাৰ কোটিটকীয়া দলং ৷ বিটিচি গঠন হোৱাৰ পাচতে কোটি টকা খৰচ কৰি অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ কাৰণে নিৰ্মাণ কৰা হৈছিল দলংখনৰ ৷ কিন্তু বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মৰাপাগলাদিয়া নৈৰ বাঢ়নী পানীয়ে মাজভাগতে চিঙি পেলায় কংক্ৰীটৰ দলংখন ৷ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে মুছলপুৰ - সুৱনখাটা সংযোগী পথটোৰ যাতায়ত ব্যৱস্থা ৷

মৰাপাগলাদিয়া নৈৰ বাঢ়নি পানীয়ে ছিগিলে কোটিটকীয়া দলং

ABOUT THE AUTHOR

...view details