অসম

assam

ETV Bharat / state

বঙাইগাঁৱত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি - এচ ডি আৰ এফ বাহিনী

বঙাইগাঁও জিলাৰ জামদহাত এজন বন‍্যাৰ্তৰ মৃত‍্যু হৈছে ৷ বিয়লি ৩ বজাত আই নৈৰ কোবাল সোঁতত উটি গৈছিল জাৰাগুৰি গাঁৱৰ এজন যুৱক । জানিব পৰা মতে,এক নং জাৰাগুৰি গাঁৱত হোৱা প্ৰৱল বানপানীত গৃহহাৰা হৈ জামদহাৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা প্ৰয়াত চণ্ডী আৰ্য‍্যৰ পুত্ৰ চৈতা আৰ্য‍্য নামৰ যুৱকজনে জামদহাৰ কাৰ্লভাৰ্টৰ ওপৰত থিয় হৈ বানপানীৰ দৃশ‍্য প্ৰত্য়ক্ষ কৰি আছিল । তেনে সময়ত হঠাৎ বাগৰি পৰে আই নদীৰ কোবাল সোঁতত । বৰ্তমানলৈ বঙাইগাঁও জিলাত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি ৷

Bongaogaon flood one death, Total number of dead three
বঙাইগাঁও জিলাত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি

By

Published : Jul 22, 2020, 8:58 PM IST

চিৰাং, 22 জুলাই : এফালে ক'ভিড-19 আৰু আনফালে বানপানীৰ তাণ্ডবে তচনচ কৰিছে ৰাজ্যবাসীক ৷ ইতিমধ্যে,অসমৰ 28 খন জিলা বানপানীৰ কবলত পৰিছে ৷ ৰাজ্যৰ অন্ন জিলাৰ লগতে বঙাইগাঁও জিলাতো বানপানীয়ে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ বিগত এমাহ ধৰি জিলাখনত বানপানীয়ে সন্ত্ৰাস চলাই আহিছে ৷

বঙাইগাঁও জিলাত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি

জানিব পৰা মতে,বিগত এমাহৰ পৰা জিলাখনৰ জাৰাগুৰি,জামদহা,ভাণ্ডাৰা আদি ঠাইত আই নদীৰ পানীয়ে বুৰাই পেলাইছে অঞ্চলবাসীক ৷ শেহতীয়াকৈ আই নদীৰ পানীয়ে গতি সলনি কৰি গাঁৱৰ মাজেৰে পানীৰ সোঁত বোৱাত এক প্ৰকাৰ বিপদসংকুল পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত ৷

শেহতীয়া তথ্য অনুসৰি,জিলাখনত বঙাইগাঁও জিলাৰ জামদহাত এজন বন‍্যাৰ্তৰ মৃত‍্যু হৈছে ৷ বিয়লি ৩ বজাত আই নৈৰ কোবাল সোঁতত উটি গৈছিল জাৰাগুৰি গাঁৱৰ এজন যুৱক । জানিব পৰা মতে,এক নং জাৰাগুৰি গাঁৱত হোৱা প্ৰৱল বানপানীত গৃহহাৰা হৈ জামদহাৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা প্ৰয়াত চণ্ডী আৰ্য‍্যৰ পুত্ৰ চৈতা আৰ্য‍্য নামৰ যুৱকজনে জামদহাৰ কাৰ্লভাৰ্টৰ ওপৰত থিয় হৈ বানপানীৰ দৃশ‍্য প্ৰত্য়ক্ষ কৰি আছিল । তেনে সময়ত হঠাৎ বাগৰি পৰে আই নদীৰ কোবাল সোঁতত ।

লগে লগে জিলা প্ৰশাসনক অৱগত কৰাৰ পিচতে খন্তেক পিচতে এচ ডি আৰ এফ বাহিনীয়ে যুৱক জনক বিচাৰি অভিযান চলায় । প্ৰায় আঢ়ৈ ঘন্টা সময়ৰ অন্তত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলা সক্ষম হয় এচ ডি আৰ এফ বাহিনীয়ে । পৰৱৰ্তী সময়ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷

ইফালে,বানপানীত পৰি মৃত‍্যু হোৱা যুৱকজনক লৈ শোকৰ ছা পৰিছে সমগ্ৰ জাৰাগুৰি আৰু জামদহা অঞ্চলত । উল্লেখ্য যে,বিগত বছৰতো জাৰাগুৰি আৰু জামদোহাৰ মথাউৰি ছিঙি বানপানীৰ সৃষ্টি হৈছিল সমগ্ৰ অঞ্চলটোত । তাৰ পিচতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই নিজে ভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লৈছিল যদিও কোনো ধৰণৰ ব‍্যৱস্থা গ্ৰহন নকৰাত আজিৰ এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি ৰাইজে অভিযোগ প্ৰদান কৰে । বৰ্তমানলৈ বঙাইগাঁও জিলাত বানপানীত মৃত্যু হোৱা লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি ৷

লগতে পঢ়ক : ৩১ জুলাইলৈ বৃদ্ধি সাংবাদিক ৰাজীৱ শৰ্মাৰ অন্তৱৰ্তীকালীন জামিন

ABOUT THE AUTHOR

...view details