অসম

assam

ETV Bharat / state

মানিকপুৰত শোকাবহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন - নিহত এজন

বঙাইগাঁও উত্তৰ অভয়াপুৰী সমষ্টিৰ মানিকপুৰত দেওবাৰে সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা ৷ থিতাতে এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় এজন ৷

মানিকপুৰত শোকাবহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

By

Published : Jul 28, 2019, 5:44 PM IST

বঙাইগাঁও, 28 জুলাইঃ বঙাইগাঁও উত্তৰ অভয়াপুৰী সমষ্টিৰ মানিকপুৰত দেওবাৰে সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত থিতাতে নিহত এজন আৰোহী । নিহত ব্যক্তি জন পাতিলাদহা জাকুৱাপাৰাৰ চক্ৰধৰ ৰায় বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আহত লোক জনক বঙাইগাঁও লৱাৰ আসাম চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । উল্লেখ্য যে মানিকপুৰ ফ্লিংচ ষ্টেশ্বনপেট্ৰ'ল পাম্পৰ ওচৰত ৰৈ থকা এখন, মেজিক গাড়ীৰ লগত AS-19-AC,0814 নম্বৰৰ এখন যাত্ৰীবাহী টেম্পোৱে খুন্দিয়াই দিয়াত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়।

মানিকপুৰত শোকাবহ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

ABOUT THE AUTHOR

...view details