বঙাইগাঁও ,21 ফেব্ৰুৱাৰীঃ মাইক্ৰ'ফাইনেন্সৰ ঋণৰ বোজা সহিব নোৱাৰি বঙাইগাৱঁত বৃহস্পতিবাৰে পুৱা আত্মহত্যা কৰে এগৰাকী মহিলাই ৷ পুনৰ মাইক্ৰ'ফাইনেন্সৰ ঋণৰ বলি হৈ চিপ লৈ জীৱন ত্যাগ কৰে বৰ্ষণগাঁৱৰ দিপালী ৰায়( ৩১) নামৰ মহিলাগৰাকীয়ে ৷ নিহত দিপালী ৰায়ৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, সৰলা আৰু ভাৰত মাইক্ৰ'ফাইনেন্সৰ পৰা মহিলাগৰাকীয়ে কিছু পৰিমাণে টকা ধাৰত লৈছিল ৷ কিন্তু টকা উভতাই দিব নোৱাৰাত ঋণৰ বোজা সহিব নোৱাৰি বৃহস্পতিবাৰে আত্মহত্যা কৰে মহিলাগৰাকীয়ে ৷
মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বঙাইগাঁৱত মহিলাৰ আত্মহত্যা - বঙাইগাঁৱত মহিলাৰ আত্মহত্যা
নিহত দিপালী ৰায়ৰ পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, সৰলা আৰু ভাৰত মাইক্ৰ'ফাইনেন্সৰ পৰা মহিলাগৰাকীয়ে কিছু পৰিমাণে টকা ধাৰত লৈছিল ৷ কিন্তু টকা উভতাই দিব নোৱাৰাত ঋণৰ বোজা সহিব নোৱাৰি বৃহস্পতিবাৰে আত্মহত্যা কৰে মহিলাগৰাকীয়ে ৷

বঙাইগাঁৱত মহিলাৰ আত্মহত্যা
বঙাইগাঁৱত মহিলাৰ আত্মহত্যা
ঋণ পৰিশোধ কৰাৰ বাবে মহিলাগৰাকী ঘনে ঘনে হাৰাশাস্তিৰ সন্মুখীন হৈছিল বুলিও জনায় পৰিয়ালে ৷ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ সচেতন ৰাইজৰ দাবী শীঘ্ৰে বন্ধ হ'ব লাগে মাইক্ৰ'ফাইনেন্সৰ কাৰ্যকলাপ ৷ শেহতীয়াকৈ মাইক্ৰ'ফাইনেন্সৰ ঋণৰ বলি হৈ আত্মহত্যাৰ হাৰ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপৰ দাবী জনাইছে জনসাধাৰনে ।
লগতে পঢ়কঃ নাৰায়ণপুৰত নকল বিচৰাৰ চলেৰে পৰীক্ষাৰ্থীৰ শ্লীলতা হানিৰ চেষ্টা