বঙাইগাঁও, 6 জুলাইঃ চৰকাৰ তথা জিলা প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংগঠন সমূহৰ ডাইনী সংক্ৰান্তীয় সজাগতাই বৰ্তমানেও স্পৰ্শ কৰিব পৰা নাই ৰাজ্যৰ বহু কেইটা গ্ৰামাঞ্চল ৷ শুকুৰবাৰে নিশা অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰতিফলন ঘটিল বঙাইগাঁৱত৷ জানিব পৰা মতে বঙাইগাঁও সদৰৰ সমীপৰ নৰ্থ বইটামাৰীৰ সুখবাস পাৰা গাঁৱত গোবিন্দ বৰ্মণ নামৰ এজন যুৱকে ডাইনী সন্দেহত একে গাঁৱৰে বিবাহিতা মহিলা পূৰ্ণিমা ৰায় আৰু তেওঁৰ ভাতৃ মুকুল ৰায়ক প্ৰহাৰ কৰাৰ লগতে ভাবুকি প্ৰদান কৰে ৷
আকৌ ডাইনী কাণ্ডঃ বঙাইগাঁৱত ডাইনীৰ সন্দেহত প্ৰহাৰ দুজনক - ডাইনী কাণ্ড
শুকুৰবাৰে নিশা বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীত ডাইনীৰ সন্দেহত প্ৰহাৰ দুজনক । গোবিন্দ বৰ্মণ নামৰ এজন যুৱকে প্ৰহাৰ কৰে একেটা পৰিয়ালৰ দুজন লোকক ৷
![আকৌ ডাইনী কাণ্ডঃ বঙাইগাঁৱত ডাইনীৰ সন্দেহত প্ৰহাৰ দুজনক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3761705-thumbnail-3x2-op.jpg)
বঙাইগাঁৱত ডাইনী কাণ্ডৰ বলি এগৰাকী মহিলা
বঙাইগাঁৱত ডাইনী কাণ্ডৰ বলি এগৰাকী মহিলা
এনে অৱস্থাত পূৰ্ণিমা আৰু তেওঁৰ ভাতৃ মুকুলে ঘটনা সংক্ৰান্তত আৰক্ষীক অৱগত কৰে৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু নিশাই গোবিন্দ বৰ্মণক আটক কৰি লৈ যায় ৷ আনহাতে আঘাতপ্ৰাপ্ত পূৰ্ণিমা আৰু মুকুলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ৷
লগতে পঢ়কঃ এন আৰ চি আৰু এটা হত্যাকাণ্ড