বঙাইগাঁৱ,23 আগষ্টঃ বঙাইগাঁও চহৰৰ বিশাল মেগা মাৰ্ট নামৰ ব্যৱসায় প্ৰতিষ্ঠানখনত এগৰাকী যুৱতী গ্ৰাহকক দুব্যৱহাৰ কৰাকলৈ বৃহস্পতিবাৰে সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ সন্ধিয়া সাতমান বজাত বঙাইগাঁও চহৰৰ এগৰাকী যুৱতীয়ে মলখনত ক্ৰয় কৰা সামগ্ৰীৰ ধন আদায় দি ওলাই আহে যদিও প্ৰৱেশদ্বাৰৰ নিৰাপত্তাৰক্ষী মহিলাই গ্ৰাহক যুৱতীগৰাকীক কোনো কথাৰ অৱতাৰণা নকৰি হাতত ধৰি টানি় নি ড্ৰেচিং কোঠাত বলপূৰ্বক কাপোৰ খুলিবলৈ চেষ্টা কৰে ৷ যুৱতী গ্ৰাহক গৰাকীয়ে ইয়াৰ তীব্ৰ প্ৰতিবাদ জনায় ৷ বিশাল মেগা মাৰ্ট কৰ্তৃপক্ষৰ এনে ব্যৱহাৰৰ ফলত মলখনত গ্ৰাহক সকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷
বিশাল মেগা মাৰ্টত গ্ৰাহকক দুব্যৱহাৰঃ অনিৰ্দিষ্ট কাললৈ বিশাল বন্ধ আক্ৰাছুৰ - বঙাইগাঁৱৰ বিশাল মেগা মাৰ্টত যুৱতী গ্ৰাহকক দুব্যৱহাৰ কৰ্মচাৰীৰ ৷
বঙাইগাঁৱৰ বিশাল মেগা মাৰ্টত যুৱতী গ্ৰাহকক দুব্যৱহাৰ কৰ্মচাৰীৰ ৷ আক্ৰাছুৰ অনিৰ্দিষ্ট কাললৈ বিশাল বন্ধ ৷
![বিশাল মেগা মাৰ্টত গ্ৰাহকক দুব্যৱহাৰঃ অনিৰ্দিষ্ট কাললৈ বিশাল বন্ধ আক্ৰাছুৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4214480-thumbnail-3x2-bongaigaonvishal.jpg)
বিশাল মেগা মাৰ্টত গ্ৰাহকক দুব্যৱহাৰঃ অনিৰ্দিষ্ট কাললৈ বিশাল বন্ধ আক্ৰাছুৰ
বিশাল মেগা মাৰ্টত গ্ৰাহকক দুব্যৱহাৰঃ অনিৰ্দিষ্ট কাললৈ বিশাল বন্ধ আক্ৰাছুৰ
গ্ৰাহকক দুব্যৱহাৰ কৰাৰ অভিযোগত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই অনিৰ্দিষ্ট কাললৈ উত্তৰ বঙাইগাঁৱস্থিত বিশাল মেগা মাৰ্ট বন্ধ কৰি দিয়ে ৷
TAGGED:
সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা