অসম

assam

ETV Bharat / state

নেৰা নেপেৰা বৰষুণৰ ফলত বঙাইগাঁও চহৰত কৃত্ৰিম বান

শনিবাৰৰ নিশাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ আছে ধাৰাষাৰ বৰষুণ । এই বৰষুণৰ ফলত ৰাজ্যৰ বান পৰিস্থিতি অধিক শোচনীয় হোৱাৰ সমান্তৰালকৈ ৰাজ্যৰ অধিকাংশ চহৰকে ধৰি বিভিন্ন অঞ্চলত বৰষুণৰ পানী জমা হৈ সৃষ্টি হৈছে কৃত্ৰিম বানৰ । বঙাইগাঁও চহৰতো বৰষুণৰ ফলত জমা হোৱা পানীয়ে কৃত্ৰিম বানৰ সৃষ্টি কৰাৰ ফলত চহৰখনৰ বৃহৎ অঞ্চল এতিয়া আৱদ্ধ হৈ পৰিছে পানীৰ মাজত ।

By

Published : Jul 19, 2020, 5:35 PM IST

Bongaigaon town Flood SDRF resque
নিশাৰে পৰা হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত বঙাইগাঁৱ চহৰত কৃত্তিম বান

বঙাইগাঁও,১৯জুলাই: শনিবাৰে নিশাৰে পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বঙাইগাঁও সদৰ চহৰখনত সৃষ্টি হৈছে কৃত্ৰিম বান । চহৰখনত উদ্ধাৰ অভিযানৰ বাবে নিযোজিত কৰিব লগা হৈছে এচডিআৰএফৰ দল । বানৰ কৱলত পৰা চহৰবাসীৰ অসুবিধাৰ বুজ ল'বলৈ উপস্থিত হৈছেগৈ ৰাজ্যখনৰ যোগান মন্ত্ৰী তথা স্থানীয় বিধায়ক ফণীভূষন চৌধুৰী ।

নিশাৰে পৰা হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত বঙাইগাঁৱ চহৰত কৃত্তিম বান

নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্ট এই কৃত্ৰিম বানত বুৰিল বঙাইগাঁও সদৰ চহৰৰ পালপাৰা,কদমতলি,মায়াপুৰি,বঙাইগাঁও কলেজ ৰোড,পাৰ্ক আদি । এবুকুলৈ পানী জমা হোৱা পালপাৰাত ইতিমধ্যে এচডিআৰএফৰ জোৱানে চলাইছে উদ্ধাৰ অভিযান ।

নিশাৰে পৰা হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত বঙাইগাঁৱ চহৰত কৃত্তিম বান

ৰাজ্যৰ যোগান মন্ত্ৰী তথা স্থানীয় বিধায়ক গৰাকীয়ে দেওবাৰে বঙাইগাঁও চহৰৰ পালপাৰাকে আদি কৰি চহৰখনৰ বিভিন্ন ঠাইত উপস্থিত গৈ কৃত্ৰিম বানত আৱদ্ধ হোৱা লোকসকলৰ খবৰ লোৱাৰ লগতে বুজ লৈছে ক্ষয় ক্ষতিৰো ।

নিশাৰে পৰা হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত বঙাইগাঁৱ চহৰত কৃত্তিম বান

উল্লেখ্য যে, এজাক নেৰানেপেৰা বৰষুণ আহিলেই কৃত্ৰিম বানত ডুব যায় চহৰখনৰ বিভিন্ন অঞ্চল । বঙাইগাঁও পৌৰসভাই এই ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি বৰষুণৰ ফলত আৱদ্ধ পানী নিষ্কাষণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা নায় । স্থানীয় বিধায়ক আৰু পৌৰসভাৰ গুৰুত্বহীনতাৰ বাবেই প্ৰতিবছৰে এই দৰে চহৰখনৰ পালপাৰা,কদমতলি আদি ঠাই কৃত্ৰিম বানত বুৰ যাবলগা হৈ আহিছে বুলি অভিযোগ তুলিছে চহৰবাসীয়ে ।

নিশাৰে পৰা হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত বঙাইগাঁৱ চহৰত কৃত্তিম বান

উল্লেখ্য যে, দেওবাৰৰ পৰা দুদিন ধৰি ৰাজ্যত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনাৰে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক কৰি দিছিল সমগ্ৰ ৰাজ্যক ।

ABOUT THE AUTHOR

...view details