অসম

assam

ETV Bharat / state

বঙাইগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মহানুভৱতাই মুগ্ধ কৰিছে একাংশক ! - বঙাইগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মহানুভৱতাই মুদ্ধ কৰিছে একাংশক

নিজৰ সাঁচতিয়া ধনেৰে বিভিন্ন খাদ্য সামগ্ৰী, কাপোৰ, কাগজ-কলম প্ৰদান অনাথ শিশুক ৷ ছাত্ৰ ছাত্ৰীৰ এই কামক শলাগিলে বঙাইগাৱঁৰ ৰাইজে ৷

বঙাইগাঁও

By

Published : Nov 23, 2019, 4:31 AM IST

বঙাইগাঁও, 23 নৱেম্বৰ: "মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে" শীৰ্ষক গীতটিক অনুুসৰণ কৰি মহানুভৱতাৰ এক উদাহৰণ দাঙি ধৰিলে বঙাইগাঁও জিলাৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ৷

"মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে"

বঙাইগাঁও ইংলিছ মিডিয়াম হায়াৰচেকেণ্ডাৰী (মেনন) স্কুলৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে শুকুৰবাৰে চহৰৰ মহাবীৰস্থানত থকা আনন্দমাৰ্গ অনাথ শিশু আশ্ৰমত বিতৰণ কৰে বস্ত্ৰ , চাউল, শাক-পাচলি, কাগজ, কলম, বহীৰ লগতে বিভিন্ন শিশুখাদ্য ৷

"মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে"

উল্লেখ্য যে সম্পূৰ্ণ নিজাববীয়াকৈ সংগ্ৰহ কৰা ধনেৰে এই সামগ্ৰীসমূহ বিতৰণ কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে ৷সমন্বয় আৰু ভাতৃত্ববোধৰ বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যে এই পদক্ষেপ হাতত লয় ছাত্ৰ-ছাত্ৰীসকলে ৷ ছাত্ৰ ছাত্ৰীসকলৰ এই পদক্ষেপে আনন্দত আত্মহাৰা কৰি তোলে অনাথ আশ্ৰমৰ কন কন শিশুসকলক ৷

"মানুহে মানুহৰ বাবে যদিহে অকনো নাভাৱে"

বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ এই কাৰ্যক সলাগ লয় অনাথ আশ্ৰমৰ গুৰুজীয়ে ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details