চিৰাং,৮ এপ্ৰিল:বৃহস্পতিবাৰে পুৱা বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ধুমুহাই কালৰূপ ধাৰণ কৰা দেখা গৈছে । প্ৰায় ১৫ মিনিট ধৰি ধুমুহাই বহু অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে ৷
বিশেষকৈ জিলাখনৰ অভয়াপুৰী, কাকৈজানা, সোনাখুলী, বৰঘোলা, সৃজনগ্ৰাম, নদীয়ালপাৰা ইত্যাদি অঞ্চলৰ কুৰিৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হয় ।
কালধুমুহাত নদীয়ালপাৰাৰ জ্যোতিষ কলিতা নামৰ লোকজনৰ চাৰিজনীয়া পৰিয়ালটো কথমপি ৰক্ষা পৰে । ধুমুহাই লোকজনৰ তিনিটাকৈ বাসগৃহ একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত কৰাৰ ফলত পথৰ ওপৰতেই আশ্ৰয় ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।