অসম

assam

ETV Bharat / state

জিলা আৰক্ষী অধিক্ষক সহ 37 জন ক’ভিড পজিটিভ - Bongaigaon SP

বঙাইগাঁও জিলাত কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ ৷ ক’ভিড-19 ত আক্ৰান্ত জিলাখনৰ আৰক্ষী অধিক্ষক সহ 37 জন ।

Bongaigaon SP Covid-19 Positive
Bongaigaon SP Covid-19 Positive

By

Published : Aug 3, 2020, 11:55 PM IST

বঙাইগাঁও, 3 আগষ্ট: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাতো কৰ’ণা ভাইৰাছৰ ব্যাপক সংক্ৰমণ ৷ সোমবাৰে জিলাখনৰ জিলা আৰক্ষী অধিক্ষক, চাৰিজন শিক্ষক সহ মুঠ 37 জন লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ উপস্থিতি ।

জিলা আৰক্ষী অধিক্ষক সহ 37 জন ক’ভিড পজিটিভ

বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক শ্ৰী সুবোধ কুমাৰ সোণোৱালৰ স্বাৱৰ ফলাফলৰ পাচতেই এই কথা স্পষ্ট হয় ৷ অৱশ্যে ফলাফল অহাৰ পূৰ্বেৰ পৰাই আৰক্ষী বিষয়াজন গৃহত নিজকে পৃথক কৰি ৰাখিছিল । বিষয়াজনে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সৈতে জড়িত বহু কেইজন কৰ্মচাৰী যেনে গৃহৰক্ষী, দেহৰক্ষী, নিৰাপত্তা ৰক্ষী আদিকে ধৰি কেইবাজনৰ ক'ভিড পৰীক্ষাৰ ফলাফল পজিটিভ অহাত যোৱা 22 জুন তাৰিখৰ পৰাই গৃহত পৃথক ভাৱে আছিল বুলি জানিবলৈ পৰা গৈছে ।

বঙাইগাঁও জিলাত কৰ’ণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণ

বৰ্তমান বিষয়াজনৰ দেহত তেনে কোনো চিন্তনীয় লক্ষণ দেখা পোৱা যোৱা নাই আৰু তেখেতৰ অৱস্থা নিয়মিত ভাৱে স্বাস্থ্য বিভাগৰ দলে নিৰীক্ষণ কৰি আছে ।

লগতে চাওক-ডিমা হাছাওত পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক

ABOUT THE AUTHOR

...view details