অসম

assam

ভেলাঘৰৰ নামত সৃষ্টি একপ্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতা!!!

By

Published : Jan 18, 2020, 7:40 PM IST

সম্প্ৰতি ৰাজ্যৰ চৌপাশে পৰিলক্ষিত মাঘ বিহুৰ মেজি বা ভেলাঘৰৰ নামত একপ্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতা সৃষ্টি হৈছে ৷ ৰাজ্যৰ বিভিন্ন আপুৰুগীয়া সম্পদৰ আৰ্হিত নিৰ্মাণ কৰা আধুনিক মেজি বা ভেলাঘৰ সাজি জ্বলাই দিয়া বৰ্তমান সময়ত এক সুলভ দৃশ্য হৈ পৰিছে ৷ এনে কেতবোৰ বিষয়ৰ বিৰোধিতা কৰি বঙাইগাঁও শিল্পী সমাজে সংবাদমেল অনুষ্ঠিত কৰে ৷

বঙাইগাঁও
শিল্পী সমাজৰ সংবাদমেল

বঙাইগাঁও,18 জানুৱাৰীঃ বঙাইগাঁও প্ৰেছ ক্লাবত শনিবাৰে শিল্পী সমাজৰ উদ্যোগত এক সংবাদমেল অনুষ্ঠিত হয় ৷ সম্প্ৰতি ৰাজ্যৰ চৌপাশে পৰিলক্ষিত মাঘ বিহুৰ মেজি বা ভেলাঘৰৰ নামত একপ্ৰকাৰৰ অঘোষিত প্ৰতিযোগিতা সৃষ্টি হৈছে ৷ ৰাজ্যৰ বিভিন্ন আপুৰুগীয়া সম্পদৰ আৰ্হিত নিৰ্মাণ কৰা আধুনিক মেজি বা ভেলাঘৰ সাজি জ্বলাই দিয়া বৰ্তমান সময়ত এক সুলভ দৃশ্য হৈ পৰিছে ৷ এনে কেতবোৰ বিষয়ৰ বিৰোধিতা কৰি বঙাইগাঁও শিল্পী সমাজে সংবাদমেলখন অনুষ্ঠিত কৰে ৷ লগতে একাংশ শিল্পীয়ে শিল্পী দিৱসৰ দৰে অনুষ্ঠানত মৰ্যদা অটুট নাৰাখি যধে-মধে গীত পৰিৱেশন কৰাক লৈ সৰৱ হৈ পৰে শিল্পী সমাজ ৷ শিল্পী সমাজৰ হৈ সংবাদমেলখনত অংশগ্ৰহণ কৰে সভাপতি মনোৰঞ্জন বৰ্মন আৰু সম্পাদক দীপক দাসে ৷

শিল্পী সমাজৰ সংবাদমেল

সংবাদমেলখনত শিল্পী সমাজে অসমৰ আপুৰুগীয়া সম্পদসমূহক এনেদৰে অপমান কৰাসকলৰ বিৰুদ্ধে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী কৰে । লগতে এইক্ষেত্ৰত চৰকাৰে আইন প্ৰণয়ন কৰাৰ পোষকতাও কৰে শিল্পী সমাজে ৷

লগতে চাওকঃটেনিছ কৰ্টলৈ প্ৰত্যাৱৰ্তন কৰিয়ে খিতাপ অৰ্জন ছানিয়াৰ

ABOUT THE AUTHOR

...view details