অসম

assam

ETV Bharat / state

বঙাইগাঁৱত বিদ্য়ালয় গৃহৰ আধাৰশিলা স্থাপন - ২.১৫ কোটি টকাৰ বিদ্য়ালয় গৃহৰ আধাৰশিলা স্থাপন

বৰপথাৰ উচ্চ মাধ্য়মিক বিদ্য়ালয়ক মহাবিদ্য়ালয় পৰ্যায়লৈ উন্নীতকৰণ ৰাজ্য় চৰকাৰৰ । শুকুৰবাৰে ২.১৫ কোটি টকাৰ বিদ্য়ালয় গৃহৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ফণীভূষণ চৌধুৰী ।

বঙাইগাঁওত বিদ্য়ালয় গৃহৰ আধাৰশিলা স্থাপন
বঙাইগাঁওত বিদ্য়ালয় গৃহৰ আধাৰশিলা স্থাপন

By

Published : Jan 15, 2021, 5:15 PM IST

বঙাইগাঁও,১৫ জানুৱাৰী : শেহতীয়াকৈ ৰাজ্য় চৰকাৰে চৰকাৰী মাধ্য়মৰ বহু বিদ্য়ালয়ক মহাবিদ্য়ালয় পৰ্যায়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছিল । সেই তালিকাৰ ভিতৰত আছে বঙাইগাঁও জিলাৰ ঢালিগাঁও পঞ্চায়তৰ অন্তৰ্গত বৰপথাৰ উচ্চ মাধ্য়মিক বিদ্য়ালয়ো । তাৰ পিছতে ৰাষ্ট্ৰীয় মাধ‍্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰা বিদ‍্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে অনুমোদন জনোৱা হৈছে ২.১৫ কোটি টকা । শুকুৰবাৰে এই ধনৰ বিনিময়ত নিৰ্মাণ হ'ব লগীয়া বিদ্য়ালয় গৃহৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ফণীভূষণ চৌধুৰী । আধাৰশিলা স্থাপন কৰি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে যে গৃহ নিৰ্মাণ সম্পূৰ্ণ হ'লে বৃহত্তৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী যথেষ্ট পৰিমাণে উপকৃত হ'ব ।

বঙাইগাঁওত বিদ্য়ালয় গৃহৰ আধাৰশিলা স্থাপন

বৰপথাৰ উচ্চ মাধ্য়মিক বিদ্য়ালয়ৰ প্ৰধান শিক্ষক অমৰ আলী আহমেদে অসম চৰকাৰক ধন্য়বাদ জনাই কয় যে বৃহত্তৰ ঢালিগাঁও অঞ্চলত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নথকাৰ ফলত সাধাৰণ মধ‍্যবিত্ত তথা দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বঙাইগাঁও চহৰলৈ গৈ শিক্ষা গ্ৰহণ কৰাত অসুবিধাৰ সন্মুখীন হৈ আহিছে । সেয়ে অসম চৰকাৰে এইখন বৰপথাৰ বিদ্য়ালয় হায়াৰ ছেকেণ্ডাৰী লৈ উন্নীত কৰাত অঞ্চলটোৰ শিক্ষাৰ্থী বহু ক্ষেত্ৰত উপকৃত হ'ব ।
ইফালে দীৰ্ঘদিনৰ পৰাই বৃহত্তৰ ঢালিগাঁও অঞ্চলত উচ্চ শিক্ষাৰ প্ৰতিস্থানৰ দাবী কৰিছিল অঞ্চলটোৰ ৰাইজে । চৰকাৰে লোৱা এই পদক্ষেপৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰাইজেও অসম চৰকাৰক ধন‍্যবাদ জনাইছে ।

লগতে পঢ়ক :মানকাচৰ আৰক্ষীৰ জালত বাংলাদেশী

ABOUT THE AUTHOR

...view details