বঙাইগাঁও,৬জুনঃ কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত দেশৰ আন-আন প্ৰান্তৰ লগতে বঙাইগাঁৱতো উত্তৰ পূৱ সীমান্ত ৰেলৱে মজদুৰ ইউনিয়নে বিভিন্ন স্থানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ অল ইণ্ডিয়া ৰেলৱে মেনচ ফেডাৰেচনৰ আহ্বানত যোৱা ১ জুনৰ পৰা ৮ জুনলৈ দেশজুৰি ৰূপায়িত হোৱা প্ৰতিবাদ সপ্তাহৰ বঙাইগাঁওৰ কাৰ্যক্ৰমণিকাৰ অংশ হিচাপে এই প্ৰতিবাদী সভাসমূহ বঙাইগাঁও ৰেলৱে ইলেকট্ৰিক কাৰ্যালয়, দলং কাৰ্যালয় আৰু বঙাইগাঁও ৰেলৱে কাৰখানাত অনুষ্ঠিত কৰা হয় ৷
সভাত ভাষণ প্ৰদান কৰি ইউনিয়নৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক আশীষ বিশ্বাসে কয় যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখন মাথোঁ পুজিপতিৰ হাতৰ পুতলা ৷ “কৰ'ণা মহামাৰীৰ বাবে আজি যি জৰুৰী অৱস্থা দেশত আহিছে, মানুহ যিদৰে ত্ৰাসিত হে পৰিছে , এই চৰকাৰখনে পুজিপতিৰ স্বাৰ্থৰ বাবে তাৰো সুবিধা লৈছে ৷ আজি চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া ভাট্টা বন্ধ কৰি পেলোৱা হৈছে ৷ চৰকাৰী চাকৰিসমুহ হ্ৰাস কৰি দেশত নিবনুৱা সমস্যা বৃদ্ধি কৰাৰ ফন্দি পাতিছে ৷ আনহাতে এই সময়চোৱাতে বিভিন্ন লাভজনক চৰকাৰী ক্ষেত্ৰ যেনে তৈলক্ষেত্ৰ, ৰেল, বনজ সম্পদ আদি পুজিপতিৰ হাতত বিক্ৰী কৰিব বিচাৰিছে ৷ এই ষড়যন্ত্ৰ আমি কেতিয়াও সফল হ'বলৈ নিদিও আৰু ইয়াৰ বিৰুদ্ধে আমি আমাৰ আন্দোলন চলাই যাম” তেওঁ উল্লেখ কৰে ।