বঙাইগাঁও,26 ফেব্ৰুৱাৰীঃ ৰাজ্যত ক্ৰমাৎ সক্ৰিয় হৈ উঠিছে অনলাইন হেকাৰ চক্ৰ ৷ বিগত কিছুদিনত পোহৰলৈ আহিছে ৰাজ্যৰ কেইবাঠাইটো সংঘটিত হোৱা অনলাইন হেকিঙৰ ঘটনা ৷ এইবাৰ অনলাইন হেকাৰৰ কৱলত পৰিল বঙাইগাঁৱৰ এগৰাকী সাংবাদিক ৷ বঙাইগাঁৱৰ সাংবাদিক বিক্ৰমৰঞ্জনৰ বেংক একাউন্টৰ পৰা AGROMART নামৰ এটা কোনো কোম্পানীয়ে প্ৰতিদিনে ২৪৪৯ টকাকৈ তিনিদিন কাটি নিয়ে নগদ ধন ৷ উল্লেখ্য যে, AGROMART কোম্পানীটোৰ পৰা কোনো সামগ্ৰী ক্ৰয় কৰা নাছিল সাংবাদিকগৰাকীয়ে ৷ আনহাতে, প্ৰৱঞ্চকে ধন উলিয়াই নিয়াৰ সময়তো তেখেতলৈ কোনোধৰণৰ OTP অহা নাছিল ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত বেংক কৰ্তৃপক্ষক লিখিত অভিযোগ দাখিল কৰিছে সাংবাদিক গৰাকীয়ে ৷
অনলাইন হেকাৰৰ কৱলত পৰিল বঙাইগাঁৱৰ সাংবাদিক - অনলাইন হেকাৰ চক্ৰ
বঙাইগাঁৱৰ সাংবাদিক বিক্ৰমৰঞ্জনৰ বেংক একাউন্টৰ পৰা AGROMART নামৰ এটা কোনো কোম্পানীয়ে প্ৰতিদিনে ২৪৪৯ টকাকৈ তিনিদিন কাটি নিয়ে নগদ ধন ৷ উল্লেখ্য যে, AGROMART কোম্পানীটোৰ পৰা কোনো সামগ্ৰী ক্ৰয় কৰা নাছিল সাংবাদিকগৰাকীয়ে ৷
![অনলাইন হেকাৰৰ কৱলত পৰিল বঙাইগাঁৱৰ সাংবাদিক Bongaigaon reporter ATM hack](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6209898-thumbnail-3x2-b.jpg)
অনলাইন হেকাৰৰ কৱলত পৰিল বঙাইগাঁৱৰ সাংবাদিক
অনলাইন হেকাৰৰ কৱলত পৰিল বঙাইগাঁৱৰ সাংবাদিক