অসম

assam

By

Published : Apr 8, 2020, 12:14 PM IST

ETV Bharat / state

বঙাইগাঁৱত সাহায্য বিতৰণৰ নামত পক্ষপাতিত্বৰ অভিযোগ

লক ডাউনৰ অচিলাৰে চৰকাৰী সাহায্য বিতৰণৰ নামত ৰাজনীতিকৰণৰ অভিযোগ উত্থাপন যোগান মন্ত্ৰীৰ সমষ্টিত ৷ বঙাইগাঁও গাঁও পঞ্চায়তৰ ভাটীপাৰাত নিশা এই ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা সৃষ্টি ৷

Bongaigaon relief controversy
বঙাইগাঁৱত সাহায্য বিতৰণৰ নামত ৰাজনীতি

বঙাইগাঁও,8 এপ্ৰিলঃ বঙাইগাঁৱত চৰকাৰী খাদ্য সামগ্ৰী বিতৰণত ৰাজনীতিকৰণৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপিত হৈছে অঞ্চলটোৰ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৷ বুধবাৰে নিশা খাদ্য আৰু অসামৰিক যোগানমন্ত্ৰী ফণীভূৃৃষণ চৌধুৰীৰ সমষ্টিত লক ডাউন ভাঙি ক্ষুধাৰ্ত জনতাই ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰে প্ৰতিবাদ ৷ ঘটনাৰ বিৱৰণী অনুসৰি,৪ নং বঙাইগাঁও গাঁও পঞ্চায়তৰ অধীনৰ ভাটিপাৰাৰ পঞ্চায়ত সদস্যা শ্যমলী ৰায়ে নিশাৰ ভাগত ৰাইজৰ অজ্ঞাতে খাদ্য সামগ্ৰী অনুগামী তথা দলীয় কৰ্মীসকলৰ পৰিয়ালৰ মাজত বিতৰণ কৰে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰিয়ে স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

বঙাইগাঁৱত সাহায্য বিতৰণৰ নামত ৰাজনীতি

আনহাতে, জিলাখনৰ ঢালিগাঁও গাঁও পঞ্চায়ততো একে কাৰ্য সংঘটিত হৈছে ৷ বিজেপি নেতৃত্বাধীন পঞ্চায়তৰ সভাপতিজনে দলৰ কৰ্মকৰ্তাক প্ৰাধান্য দি সাহায্য প্ৰদান কৰাৰ বিপৰীতে ৰাইজক এই সাহায্য লাভৰ পৰা বঞ্চিত কৰে ৷ কিন্তু বিষয় সন্দৰ্ভত যোগান মন্ত্ৰী চৌধুৰীৰ কোনো প্ৰতিক্ৰিয়া লাভ নকৰাত ৰাইজৰ মাজত ক্ষোভৰ উদগীৰণ হৈছে ৷

পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে অভিযোগ

লগতে চাওকঃকামৰূপ মহানগৰ জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰিলে শাক-পাচলিৰ মূল্য

ABOUT THE AUTHOR

...view details